মুখ্যপৃষ্ঠা »খবৰ »অসম »পত্নী সভানেত্ৰী, পুত্ৰ সাধাৰণ পৰিষদৰ সদস্য, ঘৰত বহিয়েই প্ৰফুল্ল মহন্তই গঠন কৰিলে সমষ্টিৰ বিধান পৰিষদ!

পত্নী সভানেত্ৰী, পুত্ৰ সাধাৰণ পৰিষদৰ সদস্য, ঘৰত বহিয়েই প্ৰফুল্ল মহন্তই গঠন কৰিলে সমষ্টিৰ বিধান পৰিষদ!

বঢ়মপুৰ সমষ্টিৰ অসম গণ পৰিষদৰ নৱগঠিত বিধান পৰিষদক লৈ অগপ কৰ্মীৰ মাজত সৃষ্টি হৈছে তীব্ৰ বিতৰ্কৰ।

বঢ়মপুৰ সমষ্টিৰ অসম গণ পৰিষদৰ নৱগঠিত বিধান পৰিষদক লৈ অগপ কৰ্মীৰ মাজত সৃষ্টি হৈছে তীব্ৰ বিতৰ্কৰ।

বঢ়মপুৰ সমষ্টিৰ অসম গণ পৰিষদৰ নৱগঠিত বিধান পৰিষদক লৈ অগপ কৰ্মীৰ মাজত সৃষ্টি হৈছে তীব্ৰ বিতৰ্কৰ।

  • Share this:
বঢ়মপুৰ সমষ্টিৰ অসম গণ পৰিষদৰ নৱগঠিত বিধান পৰিষদক লৈ অগপ কৰ্মীৰ মাজত সৃষ্টি হৈছে তীব্ৰ বিতৰ্কৰ। ঘৰৰ ড্ৰয়িং ৰুমত বহিয়েই প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বঢ়মপুৰ সমষ্টিৰ বিধায়ক প্ৰফুল্ল কুমাৰ মহন্তই বিধান পৰিষদ গঠন কৰাৰ অভিযোগ উঠিছে। আনহাতে নিয়ম অনুসৰি পৰ্যবেক্ষকৰ  উপস্থিতিত সমষ্টিত এই কমিটী গঠন কৰিব লাগে যদিও বঢ়মপুৰৰ পৰিৱৰ্তে নগাঁও সদৰ সমষ্টিৰ আমোলাপট্টিৰ নিজা বাসভৱনৰ পৰাই মহন্তই এই কমিটী গঠন কৰিলে বুলি বিভিন্ন মহলত আলোচনা হৈছে।

জানিব পৰা মতে, এই কমিটী গঠনৰ সময়ত দুগৰাকী পৰ্যবেক্ষক উপস্থিত থাকিব লাগে। কিন্তু যোৱা ২৩ আগষ্টত গঠিত অগপৰ বঢ়মপুৰ সমষ্টি কাৰ্যনিৰ্বাহকত এজনো পৰ্যবেক্ষক উপস্থিত নাছিল। নৱগঠিত বিধান পৰিষদত প্ৰফুল্ল কুমাৰ মহন্তৰ পত্নী তথা প্ৰাক্তন সাংসদ জয়শ্ৰী গোস্বামী মহন্তক সভানেত্ৰীৰ পদত অধিস্থিত কৰা হৈছে। ইয়াৰ বিপৰীতে পুত্ৰ শ্যামন্ত কাশ্যপ আৰু মহন্তৰ অতিশয় ঘনিষ্ঠ হিচাপে পৰিচিত নিৰঞ্জন বৰাক সাধাৰণ পৰিষদৰ সদস্য হিচাপে নিৰ্বাচিত কৰা হৈছে। প্ৰফুল্ল কুমাৰ মহন্ত নিজেও অন্তৰ্ভুক্ত হৈছে কাৰ্যনিৰ্বাহক সদস্য হিচাপে।

সেয়েহে বঢ়মপুৰৰ নৱগঠিত কমিটীক লৈ ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কাৰণ অগপৰ নতুন নিয়ম অনুসৰি জিলা কমিটীতকৈ বহুগুণে শক্তিশালী সমষ্টিৰ বিধান পৰিষদ। সেয়েহে অনাগত নিৰ্বাচনত প্ৰাৰ্থিত্ব লাভ তথা দলীয় বিসম্বাদত যাতে মহন্তৰ বিৰুদ্ধে কোনো দলীয় নেতা অৱতীৰ্ণ হ'ব নোৱাৰে তাৰ বাবেই প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ এই কূট-কৌশল বুলিও ৰাজনৈতিক মহলত চৰ্চিত হৈছে। অৱশ্যে এইক্ষেত্ৰত বৰ্তমানলৈকে সমষ্টিটোৰ নেতা-কৰ্মীয়ে কোনো আনুষ্ঠানিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই।

শেহতীয়া বাতৰি