Assam Assembly Election 2021- পুনৰ বঢ়মপুৰত প্ৰফুল্ল কুমাৰ মহন্ত! নিশ্চিত কৰিলে অগপ নেতৃত্বই

সংবাদ মাধ্যমৰ আগত স্পষ্ট কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ পত্নী জয়শ্ৰী গোস্বামী মহন্তই ৷
সংবাদ মাধ্যমৰ আগত স্পষ্ট কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ পত্নী জয়শ্ৰী গোস্বামী মহন্তই ৷
- News18 Assam
- Last Updated: March 1, 2021, 9:35 PM IST
সোমবাৰে অসম গণ পৰিষদৰ দলৰ সভাপতি অতুল বৰাৰ চৰকাৰী বাসগৃহত অনুষ্ঠিত হৈছিল এক গুৰুত্বপূৰ্ণ বৈঠক ৷ বৈঠকলৈ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ পত্নী জয়শ্ৰী গোস্বামী মহন্তকো আমন্ত্ৰণ জনোৱা হৈছিল। সেইমৰ্মে দলৰ কেন্দ্ৰীয় নেতৃত্বৰ বৈঠকত উপস্থিত থাকে জয়শ্ৰী গোস্বামী মহন্ত ৷
বহু সময় ধৰি চলা এই বৈঠকৰ অন্তত অৱশেষত সংবাদ মাধ্যমৰ আগত গোস্বামী মহন্তই জনাই বঢ়মপুৰত অগপই প্ৰাৰ্থীত্ব লাভ কৰাটো নিশ্চিত ৷ অগপৰ প্ৰাক্তন সভাপতি, তথা ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত হ'ব প্ৰাৰ্থী ৷ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ বিকল্প ৰূপে অন্য কোনো অৱতীৰ্ণ নহয় বঢ়মপুৰত ৷