মুখ্যপৃষ্ঠা »খবৰ »অসম »নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব প্ৰফুল্ল কুমাৰ মহন্তই, পৰিস্থিতিয়ে বিচাৰিলে চামিল হ'ব বিৰোধী মহাজোঁটত

নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব প্ৰফুল্ল কুমাৰ মহন্তই, পৰিস্থিতিয়ে বিচাৰিলে চামিল হ'ব বিৰোধী মহাজোঁটত

Source-Google

Source-Google

পৰিস্থিতিয়ে বিচাৰিলে মহাজোটত চামিল হ'ব প্ৰফুল্ল কুমাৰ মহন্ত

  • Share this:
অৱশেষত সকলো জল্পনা-কল্পনাৰ অৱসান ঘটাই  আগন্তুক অসম বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব বুলি News18ক জনালে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই। লগতে বঢ়মপুৰবাসীৰ লগতে অসমবাসীকো জনালে ধন্যবাদ। ইফালে প্ৰাক্তন মুক্যমন্ত্ৰীগৰাকীয়ে  সদায় নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰি যাব বুলি জানিবলৈ দিয়ে।

ইফালে বঢ়মপুৰত টিকট বঞ্চিত হোৱাৰ পিছত প্ৰফুল্ল কুমাৰ মহন্তৰ সৈতে বিৰোধী মহাজোঁটে যোগাযোগ কৰি থকা বুলি চৰ্চা চলি থকাৰ মাজতে মহন্তৰ পত্নী জয়শ্ৰী গোস্বামী মহন্তইয়ো কৰে তাৎপৰ্যপূৰ্ণ মন্তব্য। জয়শ্ৰী গোস্বামীয়ে কয় যে,  যদি পৰিস্থিতিয়ে বিচাৰে তেওঁ মহাজোটত চামিল হ'ব। অগপ প্ৰগতিশীল ইতিমধ্যে পুনৰুজ্জিৱীত হৈছেই, সময়ত সকলো গম পাব।'

শেহতীয়া বাতৰি