ভোট বৰ্জন প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি ভোট সাব্যস্ত নকৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে।

Dulu Medhi | news18assam
Updated:April 18, 2019, 6:50 PM IST
ভোট বৰ্জন প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ
ফাইল ফটো
Dulu Medhi | news18assam
Updated: April 18, 2019, 6:50 PM IST
নিৰ্বাচনত ভোটদান নকৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই। নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি ভোট সাব্যস্ত নকৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে। নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ নিজৰ স্থিতিত অটল প্ৰফুল্ল মহন্ত।

‘নাগৰিকত্ব সংশোধনী বিধেয়কে সৰ্বনাশ আনিব,  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত জনোৱা হৈছিল,  অসমৰ ৰাইজে বিধেয়কখনৰ বিৰোধিতা কৰিছে।’– ভোট বৰ্জন কৰি প্ৰফুল্ল কুমাৰ মহন্তৰ এই মন্তব্য। ‘আমি পূৰ্বৰ পৰা বিলৰ বিৰুদ্ধে থিয় দিবলৈ আহ্বান জনাইছিলো,  বিধেয়কখন আনিমেই বুলি কৈছে বিজেপিয়ে।’– এই মন্তব্য প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ।

 
আৰু চাওক পৰৱৰ্তী বাতৰি