‘ৰাজ্য চৰকাৰৰ উদ্যোগ নীতিৰ অধ্যাদেশে অসমৰ খিলঞ্জীয়া লোকক ধ্বংসৰ গৰাহলৈ ঠেলি দিব’ – প্ৰফুল্ল মহন্ত

News18 Assam | News18-Assam
Updated:July 3, 2020, 8:36 PM IST
‘ৰাজ্য চৰকাৰৰ উদ্যোগ নীতিৰ অধ্যাদেশে অসমৰ খিলঞ্জীয়া লোকক ধ্বংসৰ গৰাহলৈ ঠেলি দিব’ – প্ৰফুল্ল মহন্ত
জাতি–মাটি–ভেটিৰ শ্লোগান ক'ত হেৰাল বুলিও প্ৰশ্ন কৰে প্ৰফুল্ল কুমাৰ মহন্তই।

জাতি–মাটি–ভেটিৰ শ্লোগান ক'ত হেৰাল বুলিও প্ৰশ্ন কৰে প্ৰফুল্ল কুমাৰ মহন্তই।

  • Share this:
ৰাজ্য চৰকাৰৰ বিৰুদ্ধে পুনৰবাৰ গৰজি উঠিল প্ৰফুল্ল কুমাৰ মহন্ত। সোণোৱাল
কেবিনেটে পুঁজিপতিক অসমৰ খিলঞ্জীয়াৰ কৃষিভূমি গতোৱাৰ যি সিদ্ধান্ত লৈছে তাক চোকা ভাষাৰে সমালোচনা কৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বঢ়মপুৰ সমষ্টিৰ বিধায়ক প্ৰফুল্ল কুমাৰ মহন্তই। ৰাজ্য চৰকাৰৰ উদ্যোগ নীতিৰ অধ্যাদেশে অসমৰ খিলঞ্জীয়া লোকসকলক ধ্বংসৰ গৰাহলৈ ঠেলি দিব বুলি কয় মহন্তই।

জাতি–মাটি–ভেটিৰ শ্লোগান ক'ত হেৰাল বুলিও প্ৰশ্ন কৰে প্ৰফুল্ল কুমাৰ মহন্তই। অগপ চৰকাৰৰ দিনত খিলঞ্জীয়াৰ মাটিত কোনো উদ্যোগ স্থাপন কৰিব নোৱাৰিব বুলি কেবিনেটে যি সিদ্ধান্ত লৈছিল তাক সোণোৱাল কেবিনেটে ভৰিৰে মোহাৰি পেলালে বুলি কয় আঞ্চলিকতাবাদী নেতাগৰাকীয়ে। বুধবাৰৰ অধ্যাদেশৰ ফলত এতিয়াৰে পৰা অসমৰ ভূমিত যিকোনো ধৰণৰ উদ্যোগ স্থাপনৰ বাবে কাৰো অনুমতি নালাগে, যিটো অসমৰ বাবে মাৰাত্মক বুলি কয় মহন্তই। শাসকীয় মিত্ৰজোঁটত থাকিলেও অসমবিৰোধী যিকোনো হঠকাৰী সিদ্ধান্ত প্ৰফুল্ল মহন্তই বিৰোধিতা কৰি যাব বুলিও দোহাৰে। খিলঞ্জীয়া লোকক প্ৰৱঞ্চনা মুঠেই সহ্য নকৰে বুলি কয় প্ৰফুল্ল কুমাৰ মহন্তই।
First published: July 3, 2020, 8:36 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি