• Home
  • »
  • News
  • »
  • assam
  • »
  • বিজেপিত যোগদান কৰিব নেকি সাংসদ প্রদ্যুৎ বৰদলৈয়ে? বিজেপিৰ যড়যন্ত্ৰ আখ্যা দিলে APCCৰ সভাপতি ভূপেন বৰাই

বিজেপিত যোগদান কৰিব নেকি সাংসদ প্রদ্যুৎ বৰদলৈয়ে? বিজেপিৰ যড়যন্ত্ৰ আখ্যা দিলে APCCৰ সভাপতি ভূপেন বৰাই

জ্যোতিষীৰ দৰে আচৰণ কৰিছে অখিল গগৈয়েঃ ভূপেন বৰা

জ্যোতিষীৰ দৰে আচৰণ কৰিছে অখিল গগৈয়েঃ ভূপেন বৰা

জ্যোতিষীৰ দৰে আচৰণ কৰিছে অখিল গগৈয়েঃ ভূপেন বৰা

  • Share this:
শেহতীয়াকৈ ৰাজ্যৰ ৰাজনীতিত শেহতীয়াকৈ এক নতুন বিষয়ে ব্যাপক চৰ্চা লাভ কৰা দেখিবলৈ পোৱা গৈছে। নতুন দিল্লীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ সকলো সাংসদক সৌজন্যমূলক ভাবে সাক্ষাৎ কৰাৰ পিছতে নগাঁৱৰ সাংসদ প্রদ্যুৎ বৰদলৈয়ে বিজেপিত যোগদান কৰিব বুলি চৰ্চা চলা পৰিলক্ষিত হৈছে। আনকি একাংশ সংবাদমাধ্যমত প্ৰকাশিত বাতৰি মতে, ভূপেন বৰাক কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব দিয়াত নাৰাজ প্রদ্যুৎ বৰদলৈ। কেৱল ইমানেই নহয়, ৰকিবুল হুছেইনৰ সৈতে সম্পৰ্ক তিক্ততাপূৰণ হোৱাৰ বাবে আগন্তুক লোকসভা নিৰ্বাচনত নগাঁও সমষ্টিত  জয়ৰ সম্ভাৱনা নেদেখি, নিজৰ ৰাজনৈতিক কেৰিয়াৰ সুৰক্ষিত কৰাৰ স্বাৰ্থত সাংসদগৰাকীয়ে বিজেপিত যোগদান কৰিবলৈ যো-জা চলাইছে বুলি বিভিন্ন মহলত আলোচনা চলিছে।

কিন্তু প্রদ্যুৎ বৰদলৈৰ বিজেপিত যোগদানৰ বাতৰি সম্পূৰ্ণ ৰূপে নসাৎ কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। বৰাৰ মতে, এই খবৰ ১০০ শতাংশ মিছা। কেতিয়াও বিজেপিলৈ নাযায় প্রদ্যুৎ বৰদলৈ। লগতে ইয়াক বিজেপিৰ এক ষড়যন্ত্ৰ বুলিহে অভিহিত কৰে ভূপেন বৰাই।

অখিল গগৈয়ে আগবঢ়োৱা প্ৰস্তাৱৰ সন্দৰ্ভত ভূপেন বৰাঃ

অখিল গগৈৰ মিত্ৰতাৰ প্ৰস্তাৱক সন্দেহ ভূপেন বৰাৰ। ভূপেন বৰাই কয় যে,'জ্যোতিষীৰ দৰে আচৰণ কৰিছে অখিল গগৈয়ে। আমাৰ নেতা ৰাহুল গান্ধ। অখিল গগৈৰ নেতা বেলেগ।ন্ধুত্বৰ হাত আগবঢ়োৱাৰ পিছত এই বন্ধুত্ব কিমান ফলপ্ৰসূ হ'ব সেয়া সময়ত স্পষ্ট হৈ পৰিব।'

'৫টা সমষ্টিত অকলে নিৰ্বাচন খেলাৰ বাবে প্ৰতিবেদন দাখিল কৰিছে APCC য়ে গঠন কৰি দিয়া উপ-নিৰ্বাচনী কমিটীয়ে। এতিয়ালৈকে কংগ্ৰেছ মহাজোঁটত আছে।  অহা ১৫ আগষ্টত সকলো দলৰ সৈতে বৈঠক অনুষ্ঠিত হব। তাৰ পিছতহে কংগ্ৰেছে সিদ্ধান্ত ল'ব। BPF এতিয়াও মহাজোঁটৰ পৰা আঁতৰি যোৱা নাই। চৰকাৰক বিভিন্ন কাৰণত লগ কৰিলেই BJP ত যোৱা নুবুজাই।আমাৰ সাংসদেও লগ কৰিছে মুখ্যমন্ত্ৰীক।'- এনেদৰে কয় প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে।
Published by:Himangshu Bhuyan
First published: