দেশত এতিয়া হিটলাৰী জামানাৰ নাজী শাসনৰ পুনৰাবৃত্তি হৈছেঃপ্ৰদ্যুত বৰদলৈ

News18-Assam
Updated:August 5, 2019, 3:36 PM IST
দেশত এতিয়া হিটলাৰী জামানাৰ নাজী শাসনৰ পুনৰাবৃত্তি হৈছেঃপ্ৰদ্যুত বৰদলৈ
Source-Google

জম্মু–কাশ্মীৰক বিশেষ ৰাজ্যৰ মৰ্যদা দিয়া অনুচ্ছেদ ৩৭০ বাতিলৰ পিছতে ফেছবুকৰ জৰিয়তে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে নগাওঁ সমষ্টিৰ কংগ্ৰেছ সাংসদ প্ৰদ্যুত বৰদলৈয়ে

  • Share this:
সোমবাৰে ৰাজ্যসভাত অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰৰ প্ৰস্তাৱ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ।সংবিধানৰ ৩৭০ নং অনুচ্ছেদে জম্মু–কাশ্মীৰক বিশেষ ৰাজ্যৰ মৰ্যদা প্ৰদান কৰিছিল। অনুচ্ছেদ 35(A) ও প্ৰত্যাহাৰৰ প্ৰস্তাৱ। অমিত শ্বাহে ৰাজ্যসভাত অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰৰ প্ৰস্তাৱ উত্থাপন কৰাৰ লগে লগে সদনত সৃষ্টি হৈছে হুলস্থূলীয়া পৰিবেশ। এতিয়া ফেচবুকত এইবিষয়ে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে নগাওঁ সমষ্টিৰ কংগ্ৰেছ সাংসদ প্ৰদ্যুত বৰদলৈয়ে। বৰদলৈৰ মতে ভাৰতবৰ্ষত এতিয়া হিটলাৰৰ সময়ৰ নাজী শাসনৰ পুনৰাবৃত্তি হৈছে। কাশ্মীৰত চৰকাৰে  ভয় ভাবুকিৰে এক স্বাসৰুদ্ধ আৰু ভীতসন্ত্ৰাস পৰিবেশ সৃষ্টি কৰিছে বুলি উল্লেখ কৰে কংগ্ৰেছৰ সাংসদ জনে।



আনহাতে NRC শুনানি প্ৰক্ৰিয়াৰ সন্দৰ্ভতো মন্তব্য কৰে বৰদলৈয়ে। NRC ৰ নামত হাজাৰ হাজৰ দুখীয়া মানুহক মানসিক নিৰ্যাতন চলোৱা হৈছে বুলি মন্তব্য কৰে সাংসদজনে। সেইদৰে মাত্ৰ ২৪ ঘণ্টা সময় জি ৪০০,৫০০ কিলোমিটাৰ অন্তৰালত শুনানিৰ বাবে যাব লগীয়া হোৱাটো দুৰ্ভাগ্যজনক আখ্যা দিয়ে প্ৰদ্যুত বৰদলৈয়ে।
First published: August 5, 2019, 3:35 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading