• Home
  • »
  • News
  • »
  • assam
  • »
  • কাৰ ভুলৰ বাবে বন্ধ হৈছিল দুটাকৈ কাগজ কল? প্ৰদ্যুৎ বৰদলৈ আৰু পীয়ূষ হাজৰিকাৰ তুমুল তৰ্কযুদ্ধ

কাৰ ভুলৰ বাবে বন্ধ হৈছিল দুটাকৈ কাগজ কল? প্ৰদ্যুৎ বৰদলৈ আৰু পীয়ূষ হাজৰিকাৰ তুমুল তৰ্কযুদ্ধ

প্ৰদ্যুৎ বৰদলৈয়ে ৰাজীৱ ভৱনত সংবাদমেল পাতি চৰকাৰক কঠোৰ সমালোচনা কৰাত মন্ত্ৰী পীয়ূষ হাজৰিকাই উভতি ধৰে।

প্ৰদ্যুৎ বৰদলৈয়ে ৰাজীৱ ভৱনত সংবাদমেল পাতি চৰকাৰক কঠোৰ সমালোচনা কৰাত মন্ত্ৰী পীয়ূষ হাজৰিকাই উভতি ধৰে।

প্ৰদ্যুৎ বৰদলৈয়ে ৰাজীৱ ভৱনত সংবাদমেল পাতি চৰকাৰক কঠোৰ সমালোচনা কৰাত মন্ত্ৰী পীয়ূষ হাজৰিকাই উভতি ধৰে।

  • Share this:

আচলতে কাৰ ভুল নীতিৰ বাবে জাগীৰোড আৰু  পাচগ্ৰামৰ কাগজ কল বন্ধ হৈছিল? এই প্ৰসংগত সোমবাৰে কংগ্ৰেছী সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু মন্ত্ৰী পীয়ূষ হাজৰিকাৰ মাজত ব্যাপক তৰ্কযুদ্ধৰ সূচনা হয় ৷


সোমবাৰে ৰাজীৱ ভৱনত সংবাদ মেল পাতি প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমানৰ লোকসভাৰ কংগ্ৰেছী সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে দোষ জাপি দিলে BJP নেতৃত্বাধীন কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ ওপৰত ৷


সাংসদ বৰদলৈৰ দাবী- “মোদী চৰকাৰে পদ্ধতিগতভাৱে বন্ধ কৰি দিলে দুটা কাগজ কল ৷ কংগ্ৰেছে ইয়াৰ প্ৰতিবাদ সদায় কৰি আহিছে আৰু কৰ্মচাৰীসকলৰ স্বাৰ্থত প্ৰতিবাদ কৰি যাব।”


সাংসদ বৰদলৈৰ দাবী– “৫৮ মাহৰ বেতন পোৱা নাই পাচগ্ৰাম কাগজ কলৰ কৰ্মচাৰীয়ে ৷ ৫৬ মাহৰ বেতন পোৱা নাই জাগীৰোড কাগজ কলৰ কৰ্মীয়ে ৷ এই সময়ছোৱাত নিহত হৈছে কাগজ কলৰ ৯৩জন কৰ্মচাৰী ৷”


বৰ্তমান চৰকাৰে নিজৰ ভাতঘৰৰ মানুহৰ হাতত কাগজ কলৰ সা-সম্পদ বিক্ৰী কৰিবলৈ ওলাইছে বুলিও অভিযোগ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ ৷ পোন্ধৰ দিনৰ ভিতৰত কলৰ কৰ্মচাৰীয়ে আৱাস এৰিব নালাগে বুলিও কলৰ কৰ্মচাৰীলৈ আহ্বান জনালে কংগ্ৰেছী সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে ৷


কংগ্ৰেছী সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে ৰাজীৱ ভৱনত সংবাদমেল পাতি এনেদৰে চৰকাৰক কঠোৰ সমালোচনা কৰাৰ পিছত মন্ত্ৰী পীয়ূষ হাজৰিকাই উভতি ধৰে সাংসদ বৰদলৈক ৷ মন্ত্ৰী পীয়ূষৰ দাবী– “কাগজ কলৰ বন্ধৰ মূলতে প্ৰদ্যুৎ বৰদলৈ ৷ সেই সময়ত উদ্যোগ মন্ত্ৰী আছিল প্ৰদ্যুৎ বৰদলৈ ৷ সেই সময়ত ৰাজ্য আৰু কেন্দ্ৰতো কংগ্ৰেছৰে চৰকাৰ আছিল ৷”


প্ৰদ্যুৎ বৰদলৈৰ দিনতে কাগজ কলৰ বাবে বাঁহ কিনা হৈছিল বজাৰ মূল্য ২১০০ টকাৰ সলনি ৪২০০ টকাত ৷ কয়লা কিনা হৈছিল বজাৰ মূল্য ৬০০০ টকাৰ সলনি ১২০০০ টকাত ।


কাগজ কলৰ কৰ্মচাৰীসকলৰ বাবে নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে এটকাও খৰচ কৰা নাই বুলি দাবী কৰে মন্ত্ৰী পীয়ূষ হাজৰিকাই ৷ তাৰ বিপৰীতে কৰ্মচাৰীসকলৰ পাবলগীয়া ৬৫০ কোটি টকা এসপ্তাহৰ ভিতৰত চৰকাৰে আদায় দিবলৈ সাজু বুলি সদৰী কৰে জাগীৰোড সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী পীয়ূষ হাজৰিকাই ৷


এনেদৰে সোমবাৰৰ দিনটোত কাগজ কল আৰু কলৰ কৰ্মচাৰীসকলক লৈ কংগ্ৰেছী সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু মন্ত্ৰী পীয়ূষ হাজৰিকাৰ মাজত সংঘাতৰ সূচনা হয় ৷

Published by:Gautam Barman
First published: