অভিযুক্ত নীল নক্ষত্ৰৰ হৈ পৰীক্ষাত বহিছিল ভাড়াতীয়া প্ৰদীপ কুমাৰে ৷
অভিযুক্ত নীল নক্ষত্ৰৰ হৈ পৰীক্ষাত বহিছিল ভাড়াতীয়া প্ৰদীপ কুমাৰে ৷
অসম আৰক্ষীৰ জিম্মালৈ JEE কেলেংকাৰীৰ অন্যতম খলনায়ক প্ৰদীপ কুমাৰ। চি জে এম আদালতে সোমবাৰে ১০ দিনৰ বাবে আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰে প্ৰদীপ কুমাৰক। উল্লেখযোগ্য যে অসম আৰক্ষীয়ে দিল্লী আৰক্ষীৰ সহযোগত দেওবাৰে নতুন দিল্লীৰ পৰা গ্ৰেপ্তাৰ কৰিছিল প্ৰদীপ কুমাৰক। তাৰ পিছতেই সোমবাৰে CJM আদালতত হাজিৰ কৰিছিল অসম আৰক্ষীয়ে।
অভিযুক্ত নীল নক্ষত্ৰৰ হৈ পৰীক্ষাত বহিছিল ভাড়াতীয়া প্ৰদীপ কুমাৰে ৷ অসম আৰক্ষীৰ সন্দেহ, খলনায়ক প্ৰদীপ কুমাৰ হ’ল পেছাদাৰী ভাৰাতীয়া পৰীক্ষাৰ্থী। নীল নক্ষত্ৰই পৰীক্ষা দিয়া কেন্দ্ৰটোতে পৰীক্ষা দিছিল প্ৰদীপ কুমাৰে৷ প্ৰদীপ কুমাৰক অসম আৰক্ষীয়ে তেওঁলোকৰ জিম্মাত জেৰা চলালেই পোহৰলৈ আহিব বহু ভয়ংকৰ তথ্য। অসম আৰক্ষী সুত্ৰৰ মতে, কেৱল অসমতে নহয়, দেশৰ বহু প্ৰতিষ্ঠানৰ লগত কুমাৰৰ আছে সম্পৰ্ক।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|