"দেশত এতিয়াও আইন আছে। কোন ব্যক্তি আইনৰ উৰ্ধ্বত নহয়। দোষ কৰিলে শাস্তি পাবই লাগিব। অসমৰ বাবে এয়া এক ছেণ্টিমেণ্ট'ৰ বিষয়। চৰকাৰে এই সন্দৰ্ভত স্পষ্ট স্থিতি গ্ৰহণ কৰিছে।"- এই মন্তব্য প্ৰাক্তন মন্ত্ৰী গৌতম ৰয়ৰ ( Gautam Roy )।
আজি হাইলাকান্দিত এখন সংবাদমেল পাতি এনেদৰেই প্ৰদীপ দত্ত ৰয়ৰ গ্ৰেপ্তাৰ প্ৰসংগত নিজৰ মতামত ব্যক্ত কৰে গৌতম ৰয়ে। দেওবাৰে হাইলাকান্দি জিলা ক্ৰীড়া সংস্থাৰ সভাকক্ষত সংবাদমেল আয়োজন কৰি গৌতম ৰয়ে কয়, 'অসমৰ নাগৰিকসকলৰ মনত বৰাকৰ বাংলা ভাষাভাষী লোকৰ বিৰুদ্ধে কোনো বিৰূপ মনোভাব নাই। আৰু সেই কাৰণেই মই এগৰাকী বাঙালী হৈ দীৰ্ঘ ১৯ বছৰ অসম ক্ৰিকেট সংস্থাৰ সভাপতিৰ দায়িত্ব পালন কৰিবলৈ সক্ষম হৈছো। কিন্তু প্ৰদীপ দত্ত ৰয়ৰ নিচিনা ব্যক্তি সকলোৰ বাবে এই ভাতৃত্ববোধ বিনষ্ট হ'ব পাৰে।'