உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Piyush Hazarika: প্ৰদীপ দত্ত ৰয়ক পাগল আখ্যা মন্ত্ৰী পীয়ূষ হাজৰিকাৰ, ক'লে লুৰিণ প্ৰসংগতো

    Piyush Hazarika: প্ৰদীপ দত্ত ৰয়ক পাগল আখ্যা মন্ত্ৰী পীয়ূষ হাজৰিকাৰ, ক'লে লুৰিণ প্ৰসংগতো

    “কা”বিৰোধী আন্দোলন সন্দৰ্ভত আৰু কি ক'লে ?

    “কা”বিৰোধী আন্দোলন সন্দৰ্ভত আৰু কি ক'লে ?

    “কা”বিৰোধী আন্দোলন সন্দৰ্ভত আৰু কি ক'লে ?

    • Share this:

    ''বৰাকৰ প্ৰদীপ দত্ত ৰয় (Pradip Dutta Roy) এজন পাগল মানুহ ৷ পাগলে যিটি কথা কয় ৷ পাগলৰ কথাৰ উত্তৰ দিব লাগিব বুলি কথা নাই ৷ বিষয়টো গুৰুত্ব সহকাৰে লৈছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৷'' -জাগীৰোডত শনিবাৰে নিশা এই মন্তব্য কৰে মন্ত্ৰী পীয়ূষ হাজৰিকা (Piyush Hazarika)ই ৷


    আনহাতে পুনৰ “কা” বিৰোধী আন্দোলন (anti CAA Stir) হ'ব বুলি মন্তব্য কৰা লুৰিণজ্যোতি গগৈক কটাক্ষ কৰে মন্ত্ৰীগৰাকীয়ে ৷ তেওঁ কয়- ''এবাৰ আন্দোলন কৰি দুটাকৈ সমষ্টিত মুখথেকেচা খাইছে লুৰিণে ৷ এইবাৰ আন্দোলন কৰিলে নিঃচিহ্ন হৈ যাব লুৰিণজ্যোতি গগৈ (Lurinjyoti Gogoi) ৷'' মানুহে দৌৰাই দৌৰাই খেদিব বুলিও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷


    উল্লেখ্য যে শনিবাৰে বৃহত্তৰ জাগীৰোড সাৰ্বজনীন শ্ৰীশ্ৰী কৃষ্ণ ৰাস মহোৎসৱ উদযাপন সমিতিয়ে আয়োজন কৰা ৰাস মণ্ডপ উদ্বোধন কৰি এই মন্তব্য কৰে জাগীৰোড সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ জলসম্পদ মন্ত্ৰী পীয়ূষ হাজৰিকাই ৷


     Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
    Published by:Gautam Barman
    First published: