ৰাজ্যত শেহতীয়াকৈ বৃদ্ধি পোৱা অপৰাধজনিত ঘটনাৰ বিৰুদ্ধে আৰক্ষী প্ৰশাসনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। আৰক্ষীয়ে কম সময়ৰ ভিতৰতে বহু জঘন্য অপৰাধীক আটক কৰিবলৈ সক্ষম হৈছে আৰু ইয়াৰে বহুতে ইতিমধ্যে শাস্তিও পাইছে। কিন্তু বহু সময়ত কিছুমান অপৰাধীয়ে আৰক্ষীৰ হাতৰ পৰা পলাবলৈ চেষ্টা কৰাৰ ঘটনাও পোহৰলৈ আহিছে য'ত পলাতক অপৰাধীক কৰায়ত্বৰ চেষ্টা কৰোতে এনকাউণ্টাৰ সংঘটিত কৰিছে। কিন্তু শেহতীয়াকৈ এনকাউণ্টাৰৰ এনে ঘটনা এটা পোহৰলৈ আহিছে যিয়ে আৰক্ষীলৈ এক বৃহৎ প্ৰশ্নৰ অৱতাৰণা কৰিছে।
দৰাচলতে, ওদালগুৰিত আৰক্ষীৰ এনকাউন্টাৰত এজন সাধাৰণ লোক বলি হোৱাৰ অভিযোগে সমগ্ৰ ৰাজ্যতে চাঞ্চল্যৰ সৃষ্টি কৰিছে।
উল্লেখ্য যে, ওদালগুৰিৰ ঘটনা সংঘটিত হোৱাৰ পিছত মঙলবাৰে সন্ধিয়া কংগ্ৰেছ দলৰ এটা সঁজাতি দলে এনকাউন্টাৰৰ বলি হোৱা ডিম্বেশ্বৰ মুছাহাৰীৰ বাসগৃহত উপস্থিত হয় ৷ কংগ্ৰেছ দলৰ বিধায়নী দলপতি দেবব্ৰত শইকীয়াৰ নেতৃত্বত যোৱা দলটোৱে গোৱৰ্ধনাত উপস্থিত পৰিয়ালটোক সাক্ষাৎ কৰি সমবেদনা জ্ঞাপন কৰাৰ লগতে ঘটনাৰ উচিত তদন্তৰ দাবী জনায়৷ কংগ্ৰেছ নেতা তথা বিধায়ক ৰকিবুল হুচেইনে ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনক তীব্ৰ ভাষাৰে সমালোচনা কৰি ঘটনাৰ লগত জড়িতসকলক প্ৰথমে শাস্তি বিহিবলৈ দাবী উত্থাপন কৰি এজন কৰ্মৰত ন্যায়াধীশক তদন্তৰ দায়িত্ব দিবলৈ আহ্বান জনায়।ৰকিবুল হুছেইনে ব্যক্তিজনৰ বাসগৃহত উপস্থিত হৈ মন্তব্য কৰে যে এতিয়া মানুহৰ জীৱনৰ মূল্য নাই, মাতৃৰ চকুলোৰ কোনো মূল্য নাই। সেইদৰে কংগ্ৰেছ বিধায়নী দলৰ দলপতি দেবব্ৰত শইকীয়াই অসম আৰক্ষীক নীতি-নিয়ম মানি চলিবলৈ আহ্বান জনায়৷ তেওঁ কয় যে অসমত এইটোৱে শেষ হত্যা হওঁক। দেবব্ৰত শইকীয়াই কয় যে ভাৰতীয় সংবিধানত কতো আৰক্ষীক বিচাৰ কৰিবলৈ ক্ষমতা দিয়া নাই৷ গতিকে আৰক্ষীয়ে নিজৰ ক্ষমতাৰ মাজতে থাকি কাম কৰক।
Published by: Sehnaz Begum
FIRST PUBLISHED : March 01, 2023, 11:51 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।