உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • অখিল গগৈক লৈ মুখ্যমন্ত্ৰীৰ বক্তব্যক গৰিহণা প্ৰদেশ কংগ্ৰেছৰ, অসংসদীয় আৰু দুৰ্ভাগ্যজনক আখ্যা

    অখিল গগৈক লৈ মুখ্যমন্ত্ৰীৰ বক্তব্যক গৰিহণা প্ৰদেশ কংগ্ৰেছৰ, অসংসদীয় আৰু দুৰ্ভাগ্যজনক আখ্যা

    বিধায়ক অখিল গগৈ বিধানসভাত উপস্থিত থাকিবলৈ উপযুক্ত হয় নে নহয় সেয়া আদালতে নিৰ্ণয় কৰিব বুলি উল্লেখ কৰে কংগ্ৰেছে।

    বিধায়ক অখিল গগৈ বিধানসভাত উপস্থিত থাকিবলৈ উপযুক্ত হয় নে নহয় সেয়া আদালতে নিৰ্ণয় কৰিব বুলি উল্লেখ কৰে কংগ্ৰেছে।

    বিধায়ক অখিল গগৈ বিধানসভাত উপস্থিত থাকিবলৈ উপযুক্ত হয় নে নহয় সেয়া আদালতে নিৰ্ণয় কৰিব বুলি উল্লেখ কৰে কংগ্ৰেছে।

    • Share this:

    কাৰাগাৰত থাকি শিৱসাগৰ সমষ্টিৰ পৰা বিধায়ক নিৰ্বাচিত অখিল গগৈক লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যই ৰাজ্যৰ ৰাজনীতিৰ লগতে সমাজ জীৱনতো ক্ৰিয়া–প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে। আজি এই সন্দৰ্ভত অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে এক বিবৃতি দিয়ে।


    প্ৰদেশ কংগ্ৰেছৰ  সংবাদ মাধ্যম কোষৰ অধ্যক্ষা ববিতা শৰ্মা স্বাক্ষৰিত বিবৃতিটোত উল্লেখ কৰে এইদৰে– 'কালি অসম বিধানসভাত ৰাইজৰ দলৰ নেতা তথা বিধায়ক শ্ৰী অখিল গগৈৰ বিষয়ে অসমৰ মুখ্যমন্ত্ৰী শ্ৰী হিমন্ত বিশ্ব শৰ্মাৰ "মানসিক ৰোগী" বক্তব্যক গৰিহণা দিয়ে। বিধান সভাত অনুপস্থিত এজন বিৰোধী নেতাৰ মানসিক স্বাস্থ্যৰ অৱস্থা সম্পৰ্কে এনে তৰল মন্তব্য ৰাজ্যৰ সৰ্বোচ্চ পদত অধিষ্ঠিত ব্যক্তি এজনৰ বাবে অত্যন্ত অশোভনীয়। অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি শ্ৰী ৰিপুণ বৰাই বিবৃতিটোক অত্যন্ত অসংসদীয় আৰু দুৰ্ভাগ্যজনক বুলি অভিহিত কৰিছে।'


    বিবৃতিটোত লগতে উল্লেখ কৰে যে  বিধায়ক অখিল গগৈ কাৰাগাৰত থাকিব লাগে নে চিকিৎসালয়ত থাকিব লাগে বা তেওঁ বিধানসভাত উপস্থিত থাকিবলৈ পৰ্যাপ্ত উপযুক্ত হয় নে নহয় সেয়া ন্যায়ালয়ৰ বিচাৰাধীন বিষয়। ‍


    উল্লেখ্য, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ অন্তিম দিনা নিজ ভাষণত দীৰ্ঘদিন ধৰি গুৱাহাটী মেডিকেল কলেজ হাস্পতালত ভৰ্তি হৈ থকা অখিল গগৈৰ বৰ্তমান মানসিক চিকিৎসা চলি আছে বুলি কৈছিল।

    Published by:Gautam Barman
    First published: