আজিৰে পৰা কামৰূপ মেট্ৰ'ত আৰম্ভ হ'ব কংগ্ৰেছৰ ভাৰত জোড়ো যাত্রা-অসম। আজি পুৱা ১০ বাজি ৩০ মিনিটৰ পৰা কামৰূপ (মেট্ৰ) জিলাত ‘‘ভাৰত জোড়ো যাত্ৰা’’ অসমৰ পদযাত্ৰাৰ কাৰ্যসূচী পুনৰ আৰম্ভ হ'ব। এই যাত্ৰাৰ অধীনত জালুকবাৰী সমষ্টিৰ শুৱালকুছিত কেইবাটাও কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব।
এই কাৰ্যসূচীৰ পূৰ্বে আজি পুৱা কংগ্ৰেছে জালুকবাৰীস্থিত সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকা সমাধিক্ষেত্ৰত প্ৰয়াত শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি আগবঢ়ালে। সভাপতি ভূপেন বৰাৰ নেতৃত্বত প্ৰদেশ কংগ্ৰেছৰ নেতা কৰ্মীসকলে শ্ৰদ্ধাঞ্জলি আগবঢ়াই আৰু ইয়াৰ পিছত শুৱালকুছিলৈ ৰাওনা হয়। এই যাত্ৰাত কংগ্ৰেছ দলৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী, বিৰোধী দলপতি তথা বিধায়ক দেৱব্ৰত শইকীয়া, বিধায়িকা নন্দিতা দাস, মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰে সংগ দিয়ে।
উল্লেখযোগ্য যে, সমাধিক্ষেত্ৰত সংবাদ মাধ্যমৰ আগত শাসকীয় বিজেপিক তুলাধূনা দিয়ে কংগ্ৰেছ নেতৃত্বই।
Published by:Sehnaz Begum
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|