মুখ্যপৃষ্ঠা »খবৰ »অসম »Pradip Dutta Roy: গ্ৰেপ্তাৰৰ পিছতে মমতা বেনাৰ্জীৰ হস্তক্ষেপ বিচাৰি অনুৰোধ প্ৰদীপ ৰয়ৰ

Pradip Dutta Roy: গ্ৰেপ্তাৰৰ পিছতে মমতা বেনাৰ্জীৰ হস্তক্ষেপ বিচাৰি অনুৰোধ প্ৰদীপ ৰয়ৰ

''অসমৰ বিজেপি চৰকাৰ বঙালী বিৰোধী। মোক গ্ৰেপ্তাৰ কৰি হত্যা কৰাৰ ষড়যন্ত্ৰ কৰিছে হিমন্ত বিশ্ব শৰ্মাই''

''অসমৰ বিজেপি চৰকাৰ বঙালী বিৰোধী। মোক গ্ৰেপ্তাৰ কৰি হত্যা কৰাৰ ষড়যন্ত্ৰ কৰিছে হিমন্ত বিশ্ব শৰ্মাই''

  • Share this:
শিলাদিত্য দেবৰ ভাষাত বৰাকৰ 'বদন' প্ৰদীপ দত্ত ৰয়ক কাছাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছতে ৰয় শৰণাপন্ন হব বিচাৰিছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ (West Bengal chief minister Mamata Banerjee )। গ্ৰেপ্তাৰ হোৱাৰ পিছতে প্ৰদীপ দত্ত ৰয়ে মমতা বেনার্জীলৈ কাতৰ আহ্বান জনাই এই দিশত তেওক সহায় কৰাৰ বাবে আহ্বান জনায়।

ৰয়ে বঙালীৰ ওপৰত নির্যাতন হোৱাৰ অভিযোগ উত্থাপন কৰে। ৰয়ৰ মতে অসমৰ হিন্দু-মুছলিম বঙালীৰ এতিয়া বিপদৰ মাজত। ৰয়ে কয়- অসমৰ বিজেপি চৰকাৰ বঙালী বিৰোধী। মোক গ্ৰেপ্তাৰ কৰি হত্যা কৰাৰ ষড়যন্ত্ৰ কৰিছে হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ই। বৰাক উপত্যকাৰ সমূহ বঙালীকে মই আবেদন কৰিছো, অসমত বঙালী আজি বিপদাপন্ন।

পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনার্জীক অনুৰোধ জনাইছো, আপুনি আহক আৰু চাওক অসমৰ বঙালী হিন্দু-মুছলিম (Hindu-Muslim Bengalis) কিভাবে বিপন্ন।'' উল্লেখ্য, শেহতীয়াকৈ বৰাকত অসমীয়াত লিখা বেনাৰ আঁতৰোৱাৰ হুংকাৰ দি কাৰ্যক্ষেত্ৰত বাস্তৱ ৰূপ দিয়াত সফল হোৱা প্ৰদীপ দত্ত ৰয়ে (Pradip Dutta Roy) প্ৰায়ে অসমীয়া ভাষাক লৈ বিতৰ্কিত বক্তব্য দি আহিছিল।

Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese

শেহতীয়া বাতৰি