
Source-Google
কোনো যাত্ৰী যাতে চালক–হেণ্ডিমেনৰ সংস্পৰ্শলৈ নাহে তাৰ বাবে ASTC বাছসমূহত প্ৰটেক্টিভ কেবিন নিৰ্মাণ কৰিছে।
ASTCৰ অধ্যক্ষ অশোক ভট্টৰয়ে চালক–হেণ্ডিমেনক দিলে PPE কিট৷ এতিয়াৰে পৰা বহিঃৰাজ্যৰ পৰা অহা যাত্ৰী কঢ়িওৱা বাছৰ চালক–হেণ্ডিমেনে পিন্ধিব লাগিব PPE কিট৷ ৰে’লযোগে অসমলৈ অহা যাত্ৰী লৈ যোৱা বাছত ওলাইছিল কোভিড–১৯ পজিটিভ৷ তাৰ পিছতে চালক–হেণ্ডিমেনকে ধৰি মুঠ ২০জন কৰ্মচাৰীক কোৱাৰেণ্টাইন কৰি কোভিড টেষ্ট কৰোৱা হৈছে।
টিকট কাউণ্টাৰত বহা এজন কৰ্মচাৰীও পজিটিভ ওলাইছে। তেওঁ MMCHত চিকিৎসাধীন হৈ আছে। কোনো যাত্ৰী যাতে চালক–হেণ্ডিমেনৰ সংস্পৰ্শলৈ নাহে তাৰ বাবে ASTC বাছসমূহত প্ৰটেক্টিভ কেবিন নিৰ্মাণ কৰিছে। অসমৰ ASTCৰ ১০ ডিভিজনৰ বিষয়া–কৰ্মচাৰীলৈ প্ৰেৰণ কৰা হৈছে এই কিটসমূহ৷ ASTC–এ ৰে’লত অহা প্ৰায় ১২ হাজাৰ যাত্ৰীক নিজ নিজ গন্তব্য স্থানলৈ নিছে৷
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|