কৃষিমন্ত্ৰী অতুল বৰাৰ সমষ্টিত পাৱাৰটিলাৰ বিতৰণত ব্যাপক অনিয়মৰ অভিযোগ

এনে কেলেংকাৰীৰ অভিযোগৰ বিৰুদ্ধে সৰৱ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ৷
এনে কেলেংকাৰীৰ অভিযোগৰ বিৰুদ্ধে সৰৱ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ৷
- News18 Assam
- Last Updated: September 14, 2020, 9:21 AM IST
উল্লেখযোগ্য যে অসম চৰকাৰৰ অনুসূচিত জনজাতি আৰু অন্যান্য পিছ পৰা জাতি উন্নয়ন ব’ৰ্ডৰ আঁচনিৰ যোগেদি প্ৰদান কৰা ৮৫ শতাংশ ৰেহাই মূল্যৰ ১০০খন পাৱাৰ টিলাৰ বোকাখাত বিধানসভা সমষ্টিৰ বিভিন্ন প্ৰান্তৰ ৫০ গৰাকী অনুসূচিত জনজাতি আৰু আন ৫০ গৰাকী অন্যান্য পিছ পৰা জাতিৰ কৃষকক বিতৰণ কৰা হৈছিল।
একোখন পাৱাৰ টিলাৰৰ বিনিময়ত হিতাধিকাৰীয়ে বহন কৰিব লাগে ৩৭ হাজাৰ টকা৷ ইয়াৰ বিপৰীতে অগপ নেতা তথা বোকাখাত মহকুমাৰ OBC ব’ৰ্ডৰ বিষয়ববীয়া দেৱেন্দ্ৰ বাৰুকীয়ালক একোজন হিতাধীকাৰীয়ে বহন কৰিব লগীয়া হ’ল ৫০ৰ পৰা ৭৫ হাজাৰ টকা পৰ্যন্ত৷
ইফালে, কৃষকৰ মূৰত মাধমাৰ শোধোৱা এনে কেলেংকাৰীৰ অভিযোগৰ বিৰুদ্ধে সৰৱ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ৷ কৃষিমন্ত্ৰীৰ নিজৰ সমষ্টিত অসম গণ পৰিষদৰ কিছু নেতা–কৰ্মীয়ে এখন ৩৭ হাজাৰ টকাৰ পাৱাৰ টিলাৰ ৫০ৰ পৰা ৭৫ হাজাৰ টকা লোৱা বিষয়টো অতি লজ্জাজনক বুলি আখ্যা দিয়াৰ লগতে কৃষিবিভাগত সংঘটিত হোৱা এই কেলেংকাৰী উচিত তদন্তৰ দাবী কৰিছে সংগঠনটোৱে৷