মুখ্যপৃষ্ঠা » খবৰ

» অসম

»Power Crisis: অসমকে ধৰি দেশৰ কেইবাখনো ৰাজ্য অন্ধকাৰৰ গ্ৰাসত পৰাৰ আশংকা, APDCLৰ জাননী জাৰি

Power Crisis: অসমকে ধৰি দেশৰ কেইবাখনো ৰাজ্য অন্ধকাৰৰ গ্ৰাসত পৰাৰ আশংকা, APDCLৰ জাননী জাৰি

News18 Assam | News18-Assam
Updated:October 11, 2021, 6:25 PM IST
Power Crisis: অসমকে ধৰি দেশৰ কেইবাখনো ৰাজ্য অন্ধকাৰৰ গ্ৰাসত পৰাৰ আশংকা, APDCLৰ জাননী জাৰি
গৃহমন্ত্ৰী অমিত শ্বাহৰ কয়লা মন্ত্ৰী প্ৰহ্লাদ যোশী আৰু শক্তি মন্ত্ৰীৰে জৰুৰী বৈঠক।

গৃহমন্ত্ৰী অমিত শ্বাহৰ কয়লা মন্ত্ৰী প্ৰহ্লাদ যোশী আৰু শক্তি মন্ত্ৰীৰে জৰুৰী বৈঠক।

  • Share this:

দেশৰ শক্তিখণ্ড ভয়ানক বিপৰ্যয়ৰ গ্ৰাসত পৰাৰ আশংকা প্ৰকাশ পাই থকাৰ সময়তে অসমৰো বিদ্যুৎ বিভাগে জাৰি কৰিলে জাননী। এই জাননী অনুসৰি দেশৰ তাপ-বিদ্যুৎ প্ৰকল্পসমূহত পৰ্যাপ্ত কয়লাৰ নাটনিৰ বাবে ৰাজ্যৰ বিদ্যুৎ খণ্ডও প্ৰভাৱিত হ'ব।


ৰাজ্যত বিদ্যুৎ খণ্ড অতি সংকটজনক অৱস্থাত থকাৰ কথা জানিবলৈ দি অসম শক্তি বিতৰণ কোম্পানী (Assam Power Distribution Company Limited)ৰ মুখ্য প্ৰবন্ধকে ৰাজ্যত লোড শ্বেডিং হ'ব বুলি বিজ্ঞাপনযোগে জাননী প্ৰকাশ কৰে। গতিকে সাৱধানতা তথা মিতব্যয়িতাৰে বিদ্যুৎ খৰচ কৰাৰ বাবে আহ্বান জনাইছে বিভাগটোৱে।




উল্লেখ্য, অকল ভাৰতে নহয় বিশ্বজুৰি শক্তিখণ্ডত সংকট ঘনীভূত হোৱা দেখিবলৈ পোৱা গৈছে। চীন, লেবাননত বিদ্যুতৰ সমস্যাৰ লগতে আমাৰ দেশৰ দিল্লী–পঞ্জাৱতো এনে সমস্যাক লৈ জাননী জাৰি কৰিছিল কেইদিনমান আগেয়ে। এতিয়া পূজাৰ মাজতে অসমকে ধৰি দেশৰ দিল্লী, পাঞ্জাৱ, ৰাজস্থান, অন্ধ্ৰ প্ৰদেশকে ধৰি বহু কেইখন ৰাজ্য অন্ধকাৰত ডুব যোৱাৰ আশংকা আছে।


আজি এই সংক্ৰান্তত আলোচনাৰ বাবে গৃহমন্ত্ৰী অমিত শ্বাহে জৰুৰীকালীনভাৱে কয়লা মন্ত্ৰী প্ৰহ্লাদ যোশী আৰু শক্তি মন্ত্ৰী আৰ কে সিঙৰ সৈতে বৈঠকত বহে।

Published by: Gautam Barman
First published: October 11, 2021, 6:22 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি