লক্ষ্মীপুৰ শক্তি বিভাগৰ ভিজিলেন্স দলে পইলাপুলৰ পৰা জয়পুৰলৈ অভিযান চলায় ঘৰৰ পৰা টিভি, ফ্ৰীজ, ফেন আদি জব্দ কৰি নিয়ে।
লক্ষ্মীপুৰ শক্তি বিভাগৰ ভিজিলেন্স দলে পইলাপুলৰ পৰা জয়পুৰলৈ অভিযান চলায় ঘৰৰ পৰা টিভি, ফ্ৰীজ, ফেন আদি জব্দ কৰি নিয়ে।
ৰাজ্যত এতিয়া বিদ্যুৎ বিভাগৰ (Electricity Department) কৰ্তন অভিযান চলি আছে। কাৰ কেতিয়া বিদ্যুৎ সংযোগ কটা গৈছে কোনেও পাত্তা পোৱা নাই। কিন্তু বৰাকৰ লক্ষীপুৰত বিদ্যুৎ বিভাগে যি কাণ্ড কৰিলে শুনিলে চকু কপালত উঠিব আপোনাৰ।
শিলচৰত বিদ্যুৎ বিভাগৰ ভিজিলেন্স দলে বাজেয়াপ্ত কৰিলে গ্ৰাহকৰ ঘৰৰ টিভি (TV), ফ্ৰীজ(Fridge), ফেন (Fan) আদি। অশ্চৰ্যজনক এই কাণ্ড ঘটিছে লক্ষীপুৰ বিধানসভাৰ পইলাপুলৰ এলেকাত।
লক্ষ্মীপুৰ শক্তি বিভাগৰ ভিজিলেন্স দলে মঙলবাৰে এটা অভিযান আৰম্ভ কৰে। লক্ষ্মীপুৰ বিদ্যুৎ উপ সংমণ্ডল অঞ্চলৰ পইলাপুলৰ পৰা জয়পুৰলৈ অভিযান চলায়। এই অভিযানত বিদ্যুৎ বিভাগৰ বিল পৰিশোধ নকৰাৰ বাবে বাসন্তী ধুবে, জয় প্ৰকাশ গোৱালা, প্ৰদীপ গোৱালা, শৰৎ সিং, শ্যাম কিশোৰ সিং, ইবেন্তাম্বি সিং, কামিনী সিঙৰ ঘৰৰ পৰা টিভি, ফ্ৰীজ, ফেন আদি জব্দ কৰি নিয়ে। উল্লেখ্য যে এওলোকৰ বিদ্যুৎ সংযোগ কটা পিছতো পুনৰ গোপনে বিদ্যুৎ ব্যৱহাৰ কৰি আছিল।
শিলচৰৰ ভিজিলেন্স দলটোত এজিএম অৰিজিত দাস জ্যেষ্ঠ সতৰ্কতা বিষয়া তৰুণ চন্দ্ৰ দাস, মানবেন্দ্ৰ ধৰ লক্ষ্মীপুৰ উপ-বিভাগৰ এছডিঅ' উত্তৰণ চক্ৰৱৰ্তী, এছএমআৰ শ্যামসুন্দৰ সিং আৰু বিভাগীয় বিষয়াসকল এই অভিযানত উপস্থিত আছিল।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|