কঠোৰ ৰূপত দেখা গৈছে ৰাজ্যৰ শক্তি বিভাগক। আজি বিদ্যুৎ বিভাগে মহানগৰীৰ আয়ুৰচন্দ্ৰা হাস্পতালৰ বিদ্যুৎ সংযোগ কৰ্তন কৰে। বিভাগে জানিবলৈ দিয়া মতে, হাস্পতালখনে ৩৬,২১,৮৭০ টকা বিদ্যুৎ বিল আদায় দিবলৈ আছিল। আনহাতে, স্বস্তিক ইঞ্জিনীয়াৰ প্ৰতিষ্ঠানৰো বিদ্যুৎ সংযোগ কৰ্তন কৰে শক্তি বিভাগে। প্ৰতিষ্ঠানখনে ১৩,৯০,৭৭০ টকা বিল আদায় দিবলৈ বাকী আছিল।
শক্তি বিভাগে বিদ্যুৎ সংযোগ কৰ্তনৰ পিছতে দুয়োটা অনুষ্ঠানত হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হয়। উল্লেখ্য, বিগত দিনকেইটাত বিদ্যুৎ চুৰিক লৈ তৎপৰ হোৱা বিভাগটোৱে ১২৪টা বিদ্যুৎ চুৰিৰ ঘটনা পোহৰলৈ আনে। কালি এখন সংবাদমেলত শক্তিমন্ত্ৰী বিমল বৰাই বিভিন্ন চৰকাৰী প্ৰতিষ্ঠানেও শতাধিক কোটি টকা বিদ্যুতৰ বাবদ আদায় দিবলৈ আছে বুলি উল্লেখ কৰিছিল আৰু বহু বেছি টকা আদায় দিবলৈ থকা ব্যক্তি বা প্ৰতিষ্ঠানক কিস্তি হিচাপে বিল আদায় দিয়াৰ বাবে কৈছিল।
ইয়াৰ পিছতে আজি শক্তি বিভাগে বিদ্যুৎ সংযোগৰ দৰে ব্যৱস্থা গ্ৰহণ কৰাৰ পিছত বিদ্যুৎ বিল প্ৰদানৰ ক্ষেত্ৰত পিছুৱাই থকা কাণ্ড যে শক্তি বিভাগে আৰু সহ্য নকৰে তাকে বুজাই দিলে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|