দেৱালীৰ পিছতে চেঞ্চুৰী মৰাৰ দিশে পিঁয়াজৰ মূল্য, নতুন বছৰতহে স্বাভাৱিক হ’ব আলু-পিঁয়াজৰ মূল্য!

News18 Assam | News18-Assam
Updated:October 22, 2020, 11:55 AM IST
দেৱালীৰ পিছতে চেঞ্চুৰী মৰাৰ দিশে পিঁয়াজৰ মূল্য, নতুন বছৰতহে স্বাভাৱিক হ’ব আলু-পিঁয়াজৰ মূল্য!
নতুন পিঁয়াজ নোলোৱা পৰ্যন্ত বৰ্তমান মজুদ থকা পিঁয়াজেৰে আৰু এমাহৰ চাহিদা পূৰ হ’ব বুলি ব্যৱসায়ীসকলৰ পৰা জানিব পৰা গৈছে।

নতুন পিঁয়াজ নোলোৱা পৰ্যন্ত বৰ্তমান মজুদ থকা পিঁয়াজেৰে আৰু এমাহৰ চাহিদা পূৰ হ’ব বুলি ব্যৱসায়ীসকলৰ পৰা জানিব পৰা গৈছে।

  • Share this:
হোৰাহোৰে বাঢ়িছে পিঁয়াজৰ মূল্য। দেৱালীৰ পিছত অচিৰেই ১ কেজি পিঁয়াজৰ মূল্য ১০০ টকা হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে ব্যৱসায়ীসকলে। আনহাতে পিছ পৰি থকা নাই আলুৰ মূল্যও। নতুন আলু বজাৰলৈ নহা পৰ্যন্ত বৃদ্ধি পাই থাকিব আলুৰ মূল্যও।

উজনিৰ যোৰহাটৰ বজাৰত বৰ্তমান এক কেজি ইন্দোৰৰ পিঁয়াজৰ পাইকাৰী মূল্য ৬০–৬৫ টকা। নাছিকৰ এক কেজি পিঁয়াজৰ পাইকাৰী মূল্য হৈছেগৈ ৬৫-৭০ টকা। শেহতীয়াকৈ নতুন পিঁয়াজ ওলোৱাৰ পূৰ্বে হঠাৎ হোৱা বানপানীৰ ফলত বহু পিঁয়াজৰ খেতি নষ্ট হয়। ইয়াৰ ফলতে হঠাৎ মূল্য বৃদ্ধি পায় পিঁয়াজৰ।

পূজাৰ পিছতে ইন্দোৰত প্ৰতিকেজি পিঁয়াজৰ পাইকাৰী মূল্য ৭০-৭৫ টকা হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে ব্যৱসায়ীসকলে। আৰু এনেদৰে দাম বৃদ্ধি পাই দেৱালীৰ পিছত অসমত এক কেজি পিঁয়াজৰ মূল্য এশ টকা হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে বুলি জানিবলৈ দিছে ব্যৱসায়ীসকলে।

নতুন পিঁয়াজ নোলোৱা পৰ্যন্ত বৰ্তমান মজুদ থকা পিঁয়াজেৰে আৰু এমাহৰ চাহিদা পূৰ হ’ব বুলি ব্যৱসায়ীসকলৰ পৰা জানিব পৰা গৈছে। ডিচেম্বৰৰ শেষত অন্ধ্ৰ প্ৰদেশ, মহাৰাষ্ট্ৰ, গুজৰাট, ৰাজস্থান, মধ্য প্ৰদেশৰ পৰা নতুন পিঁয়াজ বজাৰলৈ অহাৰ পিছতে হ্ৰাস পাব পিঁয়াজৰ দাম।

আনহাতে, আলুৰ ক্ষেত্ৰতো সৃষ্টি হৈছে একেই পৰিস্থিতিৰ। পশ্চিম বংগৰ পৰা অসমলৈ অহা আলুৰ বৰ্তমান যোৰহাটত পাইকাৰী মূল্য হৈছে প্ৰতি কেজিত ২৯-৩০ টকা। আগ্ৰাৰ আলুৰ পাইকাৰী মূল্য হ’ল কেজিত ৩৭-৩৯ টকা । নতুন আলু বজাৰলৈ নহা পৰ্যন্ত আলুৰ মূল্য হ্ৰাস পোৱাৰো কোনো সম্ভাৱনা নাই।

"শেহতীয়াকৈ পিঁয়াজ উৎপাদন কৰা ৰাজ্যসমূহত বানপানী হোৱাৰ ফলত বহু খেতি নষ্ট হয়। সেয়েহে পিঁয়াজৰ মূল্য বহু বৃদ্ধি পাইছে। দেৱালীৰ পিছত এক কেজি পিঁয়াজৰ দাম এশ টকা হ’লেও আচৰিত হ’বলগা নাই। মূল্য বঢ়াৰ পিছত পিঁয়াজৰ বিক্ৰীও বহু পৰিমাণে কমি গ’ল।", যোৰহাটৰ পাইকাৰী ব্যৱসায়ী মুৰুলীধৰ গুপ্তাই এনেদৰে কয়।

পিঁয়াজৰ মূল্যই বৰ্তমান বজাৰত ৭০ টকাৰ ঘৰ স্পৰ্শ কৰাৰ পিছত পিঁয়াজৰ বিক্ৰী বহু পৰিমাণে হ্ৰাস পাইছে। কিছুদিন পূৰ্বে প্ৰতি কেজিত ১৮-২০ টকা মূল্যত বিক্ৰী হোৱা পিঁয়াজৰ মূল্য আলুতকৈ কম আছিল। মুঠৰ ওপৰত নতুন বছৰ নহা পৰ্যন্ত আলু-পিঁয়াজৰ মূল্যই জনসাধাৰণক জলাকলা খুওৱাটো নিশ্চিত। আলু-পিঁয়াজৰ মূল্য স্বাভাৱিক অৱস্থালৈ আহিবলৈ আমি অপেক্ষা কৰিব লাগিব নতুন বছৰলৈ।
Published by: Sanjay Kumar Das
First published: October 22, 2020, 11:55 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading