আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে, আগন্তুক পাঁচ দিনত অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ঠাইত বৰষুণ দিয়াৰ সম্ভাৱনা আছে। বতৰ বিজ্ঞান কেন্দ্ৰৰ মুৰব্বী বিজ্ঞানী সুনীত দাসে জানিবলৈ দিছে এই কথা।
পুহ মাহৰ আজি ১০ তাৰিখ যদিও পূৰ্বৰ তুলনাত অসম আৰু উত্তৰ-পূৰ্বাঞ্চলত ঠাণ্ডাৰ প্ৰকোপ কম। এই বৰষুণৰ ফলত শীতৰ প্ৰকোপ বৃদ্ধিৰ সম্ভাৱনা আছে।
উল্লেখ্য, গুৱাহাটীত ২০২১ চনৰ ২৫ ডিচেম্বৰত আছিল ১০.৫ ডিগ্ৰী চেলচিয়াছ, এইবাৰ এই দিনটোত আছিল ১৩.৯ ডিগ্ৰী চেলচিয়াছ। ঠিক তেনেদৰে ডিব্ৰগড়ত ১০.২ ৰ ঠাইত ১৩.৬ ডিগ্ৰী চেলচিয়াছ, তেজপুৰত ১২.৫ৰ পৰিৱৰ্তে ১৫.৭ ডিগ্ৰী চেলচিয়াছ, ধুবুৰীত ১২.৫ৰ ঠাইত ১৬.৯ লৈ বাঢ়িছে। আনকি অৰুণাচল প্ৰদেশৰ পাচিঘাটত ১২.২ৰ পৰিৱৰ্তে এইবাৰ ১৬.০০ ডিগ্ৰী চেলচিয়াছ। শ্বিলঙত ৬ ডিগ্ৰী চেলচিয়াছৰ ঠাইত খ্ৰীষ্টমাছৰ দিনটোত ৭ ডিগ্ৰী চেলচিয়াছ। অৱশ্যে কেৱল ঠান্ডাৰ প্ৰকোপ বৃদ্ধি পোৱা দেখা গৈছে উত্তৰ লখিমপুৰত, য'ত বিগত বৰ্ষৰ ২৫ ডিচেম্বৰত আছিল ৯.৯ আৰু এইবাৰ দেখা গৈছে মাত্ৰ ১.৬।
জলবায়ু পৰিৱৰ্তন আৰু অবাধ বন ধংসৰ ফলত বতৰৰ এনে পৰিবৰ্তন দেখা গৈছে বুলি জনাইছে বৰঝাৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। সুনীত দাসৰ মতে উত্তৰ পশ্চিমৰ তৰফৰ পৰা বতাহ কমকৈ অহাৰ বাবে শীত এতিয়াও নমা নাই উত্তৰ-পূৰ্বাঞ্চলত।
আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ মুৰব্বী কে এন মোহনৰ মতে বতৰৰ এনে পৰিৱৰ্তনৰ মুলতে হ'ল জলবায়ু পৰিৱৰ্তন আৰু অবাধ বনধ্বংস। বিজ্ঞানীগৰাকীৰ মতে উত্তৰ-পূৰ্বাঞ্চলত বায়ু মণ্ডলত কাৰ্বন-ডাই-অক্সাইড গেছৰ পৰিমাণ বাঢ়ি গৈ আছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।