দৈনিক কাহিলিপুৱাতে কেইটামান গছপুলি লৈ ওলাই আহে আশা, অজয়, উৰ্বি, সীমাহঁত।
দৈনিক কাহিলিপুৱাতে কেইটামান গছপুলি লৈ ওলাই আহে আশা, অজয়, উৰ্বি, সীমাহঁত।
কোভিড-১৯ৰ ভয়াৱহ সংক্ৰমণ ৰোধ কৰিবলৈ চৰকাৰে বান্ধি দিয়া কঠোৰ নিতী- নিৰ্দেশনাৰ বাবে ৰাজ্যৰ নগৰ-চহৰাঞ্চলৰ সমান্তৰালভাৱে গ্ৰামাঞ্চলতো এতিয়া লকডাউন সদৃশ পৰিবেশ। এই সময়ছোৱাত আপুনি হয়তো নিজ ঘৰতেই থাকি টেলিভিছনৰ মনোৰঞ্জনধৰ্মী অনুষ্ঠান চাই, গ্ৰন্থ পঢ়ি অথবা নিজৰ ভাল লগা কামবোৰত নিজকে আত্মনিয়োগ কৰি পৰিয়ালৰ সৈতে সময়বোৰ কটাইছে। কিন্তু এনে পৰিবেশৰ মাজতে বহুজনে বহুজনৰ কাৰণে মানৱীয় দৃষ্টিভংগীৰে সমাজৰ কাৰণে নিজকে আত্মনিয়োগ কৰিছে।
চৰ্চালৈ আহিছে যোৰহাটৰ কাকজান অঞ্চলৰ কেইগৰাকীমান কলেজীয়া যুৱক-যুৱতী। যিটো সময়ত জীৱশ্ৰেষ্ঠ মানৱৰ কুঠাৰাঘাটত প্ৰকৃতি লঠঙা হৈছে , কোভিড-১৯ৰ ভয়াৱহ সংক্ৰমণৰ সময়ত পৃথিৱীয়ে অক্সিজেনৰ কাৰণে হাহাকাৰ কৰিব লগা হৈছে , সেই সময়তে এইসকল যুৱক যুৱতীয়ে পৰিবেশ সেউজীয়া কৰাৰ পণ লৈছে । দৈনিক কাহিলিপুৱাতে মুখত মাস্কখন মাৰি, কান্ধত কোৰখন আৰু হাতত কেইটামান গছপুলি লৈ ওলাই আহে আশা, অজয়, উৰ্বি , সীমাহঁত।
তেওঁলোক কোনো প্ৰকৃতিপ্ৰেমী সংগঠন অথবা সেচ্ছাসেৱী সংগঠনৰ সদস্য নহয়। কেৱল মাথোঁ গছ থাকিলেহে মানুহ থাকিব শ্ল'গানটোৱে বাৰুকৈয়ে ক্ৰিয়া কৰা এইসকল তৰুণে মুকলি ঠাইসমুহত ৰোপণ কৰিছে গছপুলি। প্ৰথমেই নিজৰ আপোন গাঁওখনৰ পৰাই আৰম্ভ কৰিছে প্ৰকৃতি সেউজীয়া কৰাৰ সোণোৱালী সপোন।
বিভিন্ন স্থানৰ পৰা যুৱককেইজনে গছপুলি সংগ্ৰহ কৰি মুকলি ঠাই পালেই ৰোপণ কৰি প্ৰতিপালনো কৰে। এই সন্দৰ্ভত যুৱক- যুৱতীগৰাকীয়ে অৱগত কৰা অনুসৰি- পহিলাতে কমাৰখাটোৱাল নামৰ নিজ গাওঁখনৰ পৰাই আৰম্ভ কৰা এই কাৰ্যসূচীৰ জড়িয়তে বিভিন্ন স্থানত ৰোপন কৰি যাব গছপুলি।
ৰাইজৰ আশা-অজয়, উৰ্বি ,সীমাহতৰ দৰে তৰুণ প্ৰজন্মৰ হাতৰ পৰশত প্ৰাণ পাই উঠিব প্ৰকৃতিয়ে। নগৰ-চহৰ , গাঁৱৰ পথৰ কাষত মিচিকিয়াই হাঁহিব এজাৰ, সোণাৰু, কৃষ্ণচূড়া , ৰাধাচূড়াই।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|