লকডাউনৰ সময়ত ৮৫২ কোটি টকাৰ শাক-পাচলি আৰু ফল-মূলৰ ব্যৱসায়

News18 Assam | News18-Assam
Updated:August 18, 2020, 10:38 PM IST
লকডাউনৰ সময়ত ৮৫২ কোটি টকাৰ শাক-পাচলি আৰু ফল-মূলৰ ব্যৱসায়
ৰাজ্যৰ মাংস আৰু কণীৰ ব্যৱসায়ীসকলে ১৫০ কোটি টকাৰ ব্যৱসায় কৰিছে লকডাউনৰ সময়ছোৱাত।

ৰাজ্যৰ মাংস আৰু কণীৰ ব্যৱসায়ীসকলে ১৫০ কোটি টকাৰ ব্যৱসায় কৰিছে লকডাউনৰ সময়ছোৱাত।

  • Share this:
দুৰ্যোগে সুযোগ আনে। বিপদে সম্ভাৱনাৰ সন্ধান দিয়ে। কোভিড–১৯ৰ এই সংকটে বহু লোকক আহুকালত পেলাইছে যদিও একাংশ লোকৰ জীৱনত পেলাইছে ইতিবাচক প্ৰভাৱ। চলিত বৰ্ষৰ ২৪ মাৰ্চৰ পৰা ঘোষণা কৰা লকডাউনৰ প্ৰথমটো দিনৰ পৰা ২৫ জুলাইৰ ভিতৰত অসমৰ কৃষকে শাক-পাচলি আৰু ফল-মূল বিক্ৰী কৰি  ৮৫২ কোটি টকাৰ ব্যৱসায় কৰিবলৈ সক্ষম হৈছে। ৰাজ্যৰ কৃষকৰ কষ্টৰ ফচলৰ এই সামগ্ৰীসমূহ চুবুৰীয়া ৰাজ্য পশ্চিমবংগ,বিহাৰ আদি ঠাইলৈও ৰপ্তানি হৈছে।

মাংস আৰু কণী বিক্ৰী কৰি ব্যৱসায় ১৫০ কোটি টকাৰ লগতে ডুবাই আৰু আন আন ৰাষ্ট্ৰলৈ ৰপ্তানি হৈছে। একেদৰে ৰাজ্যৰ মাংস আৰু কণীৰ ব্যৱসায়ীসকলে ১৫০ কোটি টকাৰ ব্যৱসায় কৰিছে লকডাউনৰ সময়ছোৱাত। আনহাতে, লকডাউনৰ সময়ছোৱাত ৰাজ্যখনত প্ৰয়োজনীয় মাছৰ চাহিদা থলুৱা মাছেৰে পূৰণ হৈছে। ১১ হাজাৰ মহিলা আত্মসহায়ক গোটে লকডাউনৰ সময়ত ৫২ লাখৰো অধিক মাস্ক বিক্ৰী কৰি ১১ কোটিৰো অধিক টকাৰ ব্যৱসায় কৰিছে। ৰাজ্যৰ এন জি অ’ আৰু আত্মসহায়ক গোটসমূহৰ প্ৰচেষ্টাত এইসমূহ সম্ভৱপৰ হৈ উঠিছে। বহিঃৰাজ্যৰ পৰা যুৱক-যুৱতী সকলে এই ক্ষেত্ৰত আগবাঢ়ি অহা পৰিলক্ষিত হৈছে। আনকি লকডাউনৰ সময়ত অসমৰ পৰা ডুবাইলৈ যোৱা ৰঙালাও বা আন আন শাক-পাচলিসমূহে উচিত আদৰ লাভ কৰিছে।
Published by: Sanjay Kumar Das
First published: August 18, 2020, 10:38 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading