শীঘ্ৰেই আপুনি খাব পাৰিব গাহৰিৰ মঙহ 

News18 Assam | News18-Assam
Updated:May 24, 2020, 7:16 PM IST
শীঘ্ৰেই আপুনি খাব পাৰিব গাহৰিৰ মঙহ 
এই জটিল সময়তে পশুপালন দপ্তৰে আৰম্ভ কৰিছে বিশেষ চিন্তা–চৰ্চা৷

এই জটিল সময়তে পশুপালন দপ্তৰে আৰম্ভ কৰিছে বিশেষ চিন্তা–চৰ্চা৷

  • Share this:
আফ্ৰিকান শ্বোৱাইন ফ্লুৰ বাবে ৰাজ্যত বন্ধ হৈ আছে গাহৰি মাংসৰ ব্যৱসায়৷ আফ্ৰিকান শ্বোৱাইন ফ্লুৰ বাবে ব্যাপক হাৰত মৃত্যু ঘটিছে গাহৰিৰ৷ যাৰ বাবে ছখন জিলাত সম্পূৰ্ণ ৰূপত বন্ধ গাহৰিৰ বেচা–কিনা৷ আনকি প্ৰভাৱ নথকা জিলাতো বন্ধ হৈ আছে গাহৰি মাংসৰ প্ৰচলন৷ যাৰ বাবে বিপদত পৰিছে গাহৰি পালক আৰু গাহৰি মাংসৰ খুচুৰা ব্যৱসায়ী৷

এই জটিল সময়তে পশুপালন দপ্তৰে আৰম্ভ কৰিছে বিশেষ চিন্তা–চৰ্চা৷ দেওবাৰে বিভাগীয় মন্ত্ৰী অতুল বৰাই এক টুইটযোগে জনালে এই কথা। আফ্ৰিকান শ্বোৱাইন ফ্লুৰ প্ৰভাৱ নথকা ঠাইত গাহৰি মাংসৰ বিক্ৰী মুকলি কৰাৰ চিন্তা প্ৰকাশ কৰিছে মন্ত্ৰীগৰাকীয়ে।

First published: May 24, 2020, 7:16 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading