আজিৰে পৰা ৰাজ্যত নিষিদ্ধ গাহৰি মাংসৰ বিক্ৰী

ৰাজ্যৰ ছখন জিলাত অস্বাভাৱিক হাৰত গাহৰিৰ মৃত্যু হোৱাৰ বাবে লোৱা হৈছে এই সিদ্ধান্ত।
ৰাজ্যৰ ছখন জিলাত অস্বাভাৱিক হাৰত গাহৰিৰ মৃত্যু হোৱাৰ বাবে লোৱা হৈছে এই সিদ্ধান্ত।
- News18 Assam
- Last Updated: April 25, 2020, 4:58 PM IST
ৰাজ্যত শেহতীয়াকৈ প্ৰায় ১৯৬৪ টা গাহৰিৰ মৃত্যু ঘটিছে। ৰাজ্যৰ ৬ খন জিলা ক্ৰমে ধেমাজি, ডিব্ৰুগড়, শিৱসাগৰ, লখিমপুৰ, বিশ্বনাথ আৰু যোৰহাটত অত্যাধিক হাৰত গাহৰিৰ মৃত্যু হৈছে। সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছে শিৱসাগৰ জিলা। জিলাখনত এই পৰ্যন্ত ১১২৪ টা গাহৰিৰ মৃত্যু হৈছে।