মুখ্যপৃষ্ঠা » খবৰ

» অসম

»Sipajhar Eviction: ''ধলপুৰৰ ঘটনাত আমি কোনোপ্ৰকাৰে জড়িত নহয়, ঘটনাৰ আঁৰত RSS থকাৰ সন্দেহ''- PFI

Sipajhar Eviction: ''ধলপুৰৰ ঘটনাত আমি কোনোপ্ৰকাৰে জড়িত নহয়, ঘটনাৰ আঁৰত RSS থকাৰ সন্দেহ''- PFI

News18 Assam | News18-Assam
Updated:September 25, 2021, 7:57 PM IST
Sipajhar Eviction: ''ধলপুৰৰ ঘটনাত আমি কোনোপ্ৰকাৰে জড়িত নহয়, ঘটনাৰ আঁৰত RSS থকাৰ সন্দেহ''- PFI
গৰুখুঁটি ধলপুৰৰ ঘটনাক লৈ PFIৰ ৰাজ্যিক সভাপতি আবু চামা আহমেদে দিলে সংবাদমেল 

গৰুখুঁটি ধলপুৰৰ ঘটনাক লৈ PFIৰ ৰাজ্যিক সভাপতি আবু চামা আহমেদে দিলে সংবাদমেল 

  • News18 Assam
  • Last Updated: September 25, 2021, 7:57 PM IST
  • Share this:

গৰুখুঁটিৰ ধলপুৰত উচ্ছেদৰ খবৰ এতিয়া অসম বা ভাৰততে সীমাবদ্ধ হৈ থকা নাই, খবৰ পাইছেগৈ পাকিস্তানো ৷ ধলপুৰ কাণ্ডৰ সৈতে তৃতীয় পক্ষ হিচাপে জড়িত থকা বুলি অভিযোগৰ আঙুলি উঠিছে POPULER FRONT OF INDIA চমুকৈ PFIৰ বিৰুদ্ধে ৷ বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াই ঘটনাটো PFIৰ ডিজাইনত হোৱা বুলি কোৱাৰ ২৪ ঘণ্টাৰ পিছতে ঘটনাত PFI জড়িত থকাৰ তথ্য প্ৰমাণ থকা বুলি দাবী কৰিলে খোদ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷


আনকি PFIক নিষিদ্ধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ সংশ্লিষ্ট বিভাগলৈ পত্ৰ লিখাৰ কথাও সদৰী কৰিলে ৷ ইয়াৰ পিছতে শনিবাৰে আবেলি দিছপুৰ প্ৰেছ ক্লাবত সংবাদমেল সম্বোধন কৰি ঘটনাৰ সৈতে প্ৰত্যক্ষ বা পৰোক্ষভাৱে পিএফআই জড়িত নহয় বুলি মন্তব্য কৰিলে সংগঠনটোৰ ৰাজ্যিক সভাপতি আবু চামা আহমেদে ৷


মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, সাংসদ দিলীপ শইকীয়াই অনা অভিযোগ নস্যাৎ কৰিলে আবু চামা আহমেদে ৷ আনকি ঘটনাত ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ অৰ্থাৎ RSS জড়িত থকা বুলিহে সন্দেহ প্ৰকাশ কৰিলে PFIএ ৷



PFIই ৰাজ্যিক সভাপতি আবু চামা আহমেদে কয়– "উপ–নিৰ্বাচনক লৈ চলাইছে ধলপুৰত উচ্ছেদ ৷ এই উচ্ছেদ উদ্দেশ্যপ্ৰণোদিত আৰু ষড়যন্ত্ৰমূলক ৷ উচ্ছেদৰ সময়ত ঘটা ঘটনাৰ বাবে বিজেপি বিৰোধী দল–সংগঠনক টাৰ্গেট কৰি লৈছে ৷ ঘটনাক লৈ ন্যায়িক তদন্ত ঘোষণা কৰিছে, আমি স্বাগতম জনাইছোঁ ৷ যি দোষী তেওঁক কঠোৰ শাস্তি দিয়ক ৷ চৰকাৰক আমাৰ প্ৰত্যাহ্বান, প্ৰমাণ কৰি দেখুৱাওক PFI জড়িত থকাৰ কথা ৷ আমাৰ কাৰোবাৰ উপস্থিতি প্ৰমাণ কৰি দেখুৱাওক ৷ অকল ধৰ্মীয় মেৰুকৰণৰ অৰ্থৰে আমাৰ নাম টানি আনিছে ৷''


সভাপতিগৰাকীয়ে পুনৰ কয়– ''মুখ্যমন্ত্ৰীয়ে উচ্ছেদৰ পিছত সামাজিক মাধ্যমত কৰা মন্তব্য দুৰ্ভাগ্যজনক ৷ মুখ্যমন্ত্ৰীৰ এনে ব্যৱহাৰে কয় তেওঁ এটা জাতি আৰু ধৰ্মৰহে মুখ্যমন্ত্ৰী ৷ PFI কোনো কাৰণতে জড়িত নহয় ঘটনাৰ সৈতে ৷ আকৌ কৈছোঁ আমাৰ কোনোবা তাত আছিল যদি দেখুৱাই দিয়ক ৷ ঘটনাটোক আমি গৰিহণা দিছোঁ ৷  দেখিলোঁ দৰঙৰ এছ পিজনৰ মানৱীয়তা একেবাৰে নাই ৷ আমি কোনোদিনে ৰাষ্ট্ৰ বা সমাজবিৰোধী কাম কৰা নাই ৷  PFI কোনো ৰাজ্যতে নিষিদ্ধ হোৱা নাই ৷  RSS জড়িত থকাৰ সন্দেহ হৈছে ঘটনাৰ সৈতে, কাৰণ আগদিনা সেই স্থানত বহু হাফ পেণ্ট পিন্ধা লোক দেখা গৈছিল ৷ হয়তো সেইসকল লোকেই মানুহখিনিৰ লগত মিলি গৈ এই কামটো কৰিছে ৷"

Published by: Gautam Barman
First published: September 25, 2021, 7:56 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি