দেশৰ উন্নয়নৰ বাবে জনসংখ্যা বিস্ফোৰণে আটাইতকৈ বেছি বাধা প্ৰদান কৰিছে। জনসংখ্যা নিয়ন্ত্ৰণ আইন দেশৰ বাবে এতিয়া প্ৰথম আৱশ্যকতা হৈ পৰিছে। এই মন্তব্য কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিঙৰ। মন্ত্ৰীগৰাকীয়ে লগতে, বেংগালুৰুৰ ঘটনাক লৈ তথাকথিত বুদ্ধিজীৱী আৰু ধৰ্মনিৰপেক্ষতাবাদীৰ মৌনতাক ভৱিষ্যতৰ বাবে ভয়াৱহ সংকেত আখ্যা দিয়ে।
বুধবাৰে কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী গিৰিৰাজ সিঙে ফেচবুক লাইভযোগে জনসংখ্যা নিয়ন্ত্ৰণ আইন সন্দৰ্ভত নিজৰ মত ব্যক্ত কৰে। তেওঁ ইয়াৰ বাবে জনজাগৰণ অভিযান চলোৱা জনসংখ্যা সমাধান ফাউণ্ডেশ্যনৰ প্ৰশংসা কৰে। তেওঁ কয় যে, ‘সাংস্কৃতিক ৰাষ্ট্ৰবাদৰ জৰিয়তেহে দেশে উন্নতিৰ শিখৰত আৰোহণ কৰিব পাৰে, কিন্তু জনসংখ্যাৰ বৃদ্ধি আৰু ভোটবেংকৰ ৰাজনীতিয়ে সাংস্কৃতিক ৰাষ্ট্ৰবাদত বাধাৰ সৃষ্টি কৰি আহিছে। তেওঁ পূৰ্বোত্তৰ ভাৰতত সনাতনী সকলৰ হ্ৰাসপোৱা জনসংখ্যাত মত ব্যক্ত কৰে আৰু কয় যে, জনসংখ্যা সমাধান ফাউণ্ডেশ্যনৰ পূৰ্বোত্তৰৰ কাৰ্যকৰ্তাসকলে যথেষ্ট ভাল কাম কৰি আছে। তেওঁ কেন্দ্ৰীয় চৰকাৰৰ সৈতে এই বিষয়ত গুৰুত্বসহকাৰে আলোচনা কৰাৰ বাবে আহ্বান জনায়।’
কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিঙে জনসংখ্যা সমাধান ফাউণ্ডেশ্যনৰ ৰাষ্ট্ৰীয় অধ্যক্ষ অনিল চৌধুৰীৰ ফেচবুক লাইভৰ জৰিয়তে আয়োজিত অনলাইন বৈঠকত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা সংযুক্ত হোৱা ৫৫ হাজাৰ কৰ্মকৰ্তাক সম্বোধন কৰি কয় যে, ‘দেশত সংস্থাপনহীনতা, দৰিদ্ৰতা, খাদ্যৰ অভাৱ আৰু পোষণহীনতাৰ মুখ্য কাৰণ হৈছে অভাৱনীয়ভাৱে বৃদ্ধি পোৱা জনসংখ্যা।’
তেওঁ লগতে কয় যে, ‘মহামাৰীৰ সৈতে যুঁজ দিয়া কালত ভাৰতৰ সন্মুখত এই বৃহৎ জনসংখ্যা এক ভীষণ প্ৰত্যাহ্বান ৰূপে পৰিগণিত হৈছে। ভাৰত বিশ্বৰ ভিতৰতে প্ৰায় ১৮ শতাংশ জনসংখ্যাৰ ভাৰ বহন কৰি আছে। সেইবাবেই কোৰোণা সংকটৰ সময়ত চৰকাৰৰ অলেখ প্ৰচেষ্টাৰ পিছতো দেশত সম্পদৰ সংকট সৃষ্টি হৈছে।’
অনলাইন বৈঠকখন সম্বোধন কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে জনসংখ্যা সমাধান ফাউণ্ডেশ্যনৰ সকলো কৰ্মকৰ্তাক উৎসাহিত কৰি কয় যে, মহামাৰীৰ সময়ত ১১ জুলাইৰ বিশ্ব জনসংখ্যা দিৱসৰ ক্ষণত সমগ্ৰ দেশৰ প্ৰায় ২০০ জিলা মুখ্য কাৰ্যালয়ৰ পৰা সম্বোধিত জিলা বিষয়াসকলৰ মাধ্যমেৰে প্ৰধানমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰা হৈছে তথা অনেক জিলা মুখ্য কাৰ্যালয়ত নিয়ন্ত্ৰিত ক্ষেত্ৰ ঘোষণা হোৱা কাৰণে প্ৰায় ২০০ জিলাৰ পৰা প্ৰত্যক্ষভাৱে স্মাৰকপত্ৰ প্ৰেৰণ কৰা হৈছে, এয়া প্ৰশংসনীয়।
দেশৰ প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী, আইন মন্ত্ৰী আৰু ৰাষ্ট্ৰীয় অধ্যক্ষ জে পি নড্ডাক শতাধিক জিলাৰ পৰা পত্ৰ প্ৰেৰণ কৰাৰ বাবে তেওঁ জম্মু, হিমাচল প্ৰদেশ, পঞ্জাৱ, উত্তৰাখণ্ড, হাৰিয়ানা, দিল্লী, ৰাজস্থান, উত্তৰ প্ৰদেশ, বিহাৰ, ঝাৰখণ্ড, ওড়িশা, পশ্চিম বংগ, অসম, ত্ৰিপুৰা, গুজৰাট, মধ্য প্ৰদেশ, মহাৰাষ্ট্ৰ, তেলেংগানা, কৰ্ণাটক তথা সুদূৰ কেৰালাৰ সকলো সদস্য কৰ্মকৰ্তাক শুভকামনা জ্ঞাপন কৰে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|