আপুনি ৰাফটিং, জিপলাইন নাইবা নাইট কেম্পিং কৰিব বিচাৰে নেকি? প্ৰাত্যহিক জীৱনৰ সকলো অৱসাদ পাহৰি মনোৰম প্ৰকৃতিৰ বুকুত বিলীন কৰি দিব বিচাৰে নেকি নিজকে? যান্ত্ৰিকতাৰ পৃথিৱীৰ পৰা অকণমান আঁতৰি আহি কটাব বিচাৰে নেকি এটা ৰোমাঞ্চকৰ নিশা? তেন্তে বাক্সাৰ ভাৰত-ভূটান সীমান্তৰ বগামাটি লৈ আহক৷
মহামাৰী কোৰোণা আৰু লকডাউনৰ মাজতো কেইজনমান যুৱকৰ ব্যতিক্ৰমী প্ৰয়াস৷ কিয়নো কোৰোণা মহামাৰীৰ বাবে বন্ধ হৈ পৰিছিল ৰাজ্যৰ পৰ্যটনথলীসমূহ৷ কৰ্মহীন হৈ পৰিছিল পৰ্যটন উদ্যোগটোৰ সৈতে জড়িত লোকসকল৷ তাৰ মাজতে বন্ধ হৈ পৰা পৰ্যটন উদ্যোগটোক জীয়াই ৰাখিবলৈ চেষ্টা চলাইছে একাংশ পৰ্যটনৰ সৈতে জড়িত লোকে।
ভাৰত–ভূটান সীমান্তত গঢ় লৈ উঠা পৰ্যটনথলী বগামাটিত বিভিন্ন দুঃসাহসিক ক্ৰীড়াৰে জনপ্ৰিয় কৰিবলৈ চেষ্টা চলাইছে গ্ৰীন ট্ৰেক এণ্ড এডভেঞ্চাৰ নামৰ অনুষ্ঠানটোৱে। বাক্সা আৰু ওদালগুৰি জিলাৰ সীমান্তৰ প্ৰকৃতিৰ মনোৰম সৃষ্টি বগামাটিত আৰম্ভ হৈছে বন্ধ হৈ থকা পৰ্যটন উদ্যোগটো৷
দুঃসাহসিক ক্ৰীড়াৰ লগত জড়িত জুলিমা ডেকা আৰু পূৰ্ণ ডেকাৰ প্ৰত্যক্ষ সহযোগত গ্ৰীন ট্ৰেক এণ্ড এডভেঞ্চাৰ নামৰ সংগঠনোৱে শেহতীয়াকৈ অসমৰ ভিতৰতে দীঘল ৩৫০ মিটাৰ দীঘল জিপলাইন পৰ্যটকৰ বাবে মুকলি কৰি দিছে। প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ বগামাটিত এতিয়া পৰ্যটকে জীপলাইনৰ জৰিয়তে ল’ব পাৰিব আনন্দ। তদুপৰি পৰ্যটকসকলে লাভ কৰিব দুঃসাহসিক ৰাফটিঙৰ শিহৰণকাৰী মাদকতা। ভূটানৰ পৰা বৈ অহা খৰশ্ৰোতা বৰনদীৰ পানীৰ প্ৰচণ্ড ঢৌ আৰু সোঁতত ল’ব পাৰিব ৰাফটিঙৰ আনন্দ।
২০১৫ চনৰ পৰা দুঃসাহসিক ক্ৰীড়া আৰম্ভ কৰি বগামাটিক অসমৰ পৰ্যটনক্ষেত্ৰৰ সৈতে সংযুক্ত কৰি ৰখা গ্ৰীন ট্ৰেক এডভেঞ্চাৰে নৈশ যাপন অৰ্থাৎ কেম্পিঙৰ ব্যৱস্থাও কৰিছে বগামাটিত। কোভিডৰ ভয়াৱহতাৰ বাবে ল’বলগা সাৱধানতা অৱলম্বন কৰি অঞ্চলটোৰ প্ৰায় ১০ জনতকৈ অধিক যুৱক জড়িত হৈ পৰিছে এই কামত। দুঃসাহসিক ক্ৰীড়াৰ আমেজ ল’ব বিচাৰিলে অসমৰ অতিকৈ জনপ্ৰিয় বনভোজথলী বগামাটিলৈ আহক।
ইতিমধ্যে, দাঁতিকাষৰীয়া জিলাসমূহৰ বিভিন্ন স্থানৰ পৰা বগামাটিলৈ সোঁত বৈছে পৰ্যটকৰ৷ যাৰ জৰিয়তে হয়তো বন্ধ হৈ থকা পৰ্যটন উদ্যোগটো পুনৰ জীপাল হৈ উঠিব ৷ অৱশ্যে ৰাজ্য চৰকাৰ তথা বিটিচি প্ৰশাসনে আৰু কিছু গুৰুত্ব দিলে বগামাটিক ৰাজ্য তথা দেশৰে ভিতৰতে দুঃসাহসিক ক্ৰীড়াথলী হিচাপে গঢ়ি তুলিব পৰাৰ থল আছে।
দুঃসাহসিক ক্ৰীড়াৰ লগত জড়িত জুলিমা ডেকা আৰু পূৰ্ণ ডেকাই জানিবলৈ দিয়া মতে, অসমৰ ভিতৰতে দীঘল জীপলাইন আছে বগামাটিত৷ বগামাটিক দুঃসাহসিক ক্ৰীড়াৰ এক ক্ষেত্ৰ হিচাপে গঢ়ি তোলাৰ বাবে যত্ন কৰা হৈছে যদিও চৰকাৰীভাৱে কোনো সহযোগিতা পোৱা নাই৷ গ্ৰীন ট্ৰেক এডভেঞ্চাৰ নামৰ সংগঠনটোৱে ব্যক্তিগতভাৱেহে কাম কৰি আহিছে৷ তথাপি মহামাৰী কোৰোণাৰ ভয়াৱহতাৰ মাজতো সংগঠনটোৱে পৰ্যটন উদ্যোগটোক সজীৱ কৰি তুলিবলৈ চেষ্টা চলাই আছে৷
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|