গুৰুতৰভাৱে অসুস্থ জনপ্ৰিয় শিল্পী অপূৰ্ব বেজবৰুৱা। ব্ৰেইন ষ্ট’কত (Stroke) আক্ৰান্ত হয় জনপ্ৰিয় গায়ক অপূৰ্ব বেজবৰুৱা (Singer apurba bezbaruah)। বৰ্তমান সংকটজনক অৱস্থাত আছে কণ্ঠশিল্পীগৰাকী। ব্ৰেইন ষ্ট’কত আক্ৰান্তৰ পিছত তেওঁক দিছপুৰ পলিক্লিনিক হাস্পতালত ভৰ্তি কৰোৱা হয়।
বৰ্তমান আই চি ইউত চিকিৎসাধীন হৈ আছে শিল্পীগৰাকী। পৰিয়ালৰ ফালৰ পৰা জানিবলৈ পোৱা মতে সোমবাৰে পুৱা প্ৰায় ১০ বজাত শিল্পীগৰাকীয়ে অসুস্থতা অনুভৱ কৰে আৰু অচেতন হৈ পৰে। তেওঁক লগে লগে এম্বুলেন্সেৰে হাস্পতাললৈ অনা হয় (apurba bezbaruah admitted to the hospital)।
হাস্পতালত চিটি স্কেন সম্পন্ন কৰাৰ পিছত তেওঁ ব্ৰেইন ষ্ট্ৰ’কত আক্ৰান্ত হোৱা বুলি চিকিৎসকে জানিবলৈ দিয়ে। বিশিষ্ট শিল্পীগৰাকী সোনকালে আৰোগ্য হোৱাৰ কামনা কৰিছে ৰাজ্যৰ কলা-কুশলীৰ লগতে অনুৰাগীয়ে।
Published by: Gautam Barman
FIRST PUBLISHED : February 08, 2022, 19:53 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|