জনপ্ৰিয় ফটোগ্ৰাফাৰ সাংবাদিক হৰিবিনোদ বাৰ্মা ওৰফে ডব্লিউ দাৰ মৃত্যু।
মঙলবাৰে আবেলি নিজা বাসগৃহত মৃত্যু হয় বাৰ্মাৰ। দীৰ্ঘদিন অসুস্থতাত ভুগি থকা সাংবাদিকগৰাকীৰ মৃত্যুৰ সময়ত বয়স আছিল ৭৫ বছৰ।সংবাদ জগতৰ লগতে বৃষ্টি, আজলী নবৌ,ৰতনলালকে ধৰি বহু জনপ্ৰিয় চিনেমাত অভিনয় কৰি সমাদৰ লাভ কৰিবলৈ সক্ষম হোৱা ডব্লিউ দাই হিন্দী বোলছবি জগতৰ বিগ বি অমিতাভ বচ্চনেই হওঁক, ঋষি কাপুৰ বা মোহময়ী অভিনেত্ৰী ঐশ্বৰ্য ৰায়ে হওঁক, ৰাজনীতি জগতৰ জৱাহৰলাল নেহৰু, এল কে আদৱানী বা সংগীত জগতৰ লতা মংগেশকাৰ, ভূপেন হাজৰিকাকে ধৰি বহুতো স্বনামধন্য ব্যক্তিৰ সান্নিধ্য লাভ কৰিছিল।
সত্তৰ-আশী দশকৰ ডিব্ৰুগড়ৰ চুটি–চাপৰ, ডিঙিত এটা কেমেৰা লৈ ফুৰা ষ্টাইলিছ ব্যক্তিজনক ল’ৰাৰ পৰা বুঢ়ালৈকে সকলোৱেই চিনি পাইছিল ডব্লিউ দা বুলি। তেওঁৰ প্ৰকৃত নাম হৰিবিনোদ বাৰ্মা। সকলোৰে প্রিয় আৰু আকৰ্ষণীয় ব্যক্তিত্বৰ অধিকাৰী আছিল তেওঁ। চহৰৰ জালুকপাৰাত ১৯৬৯ চনতেই স্থাপন কৰিছিল ডব্লিউ (W) ষ্টুডিঅ’। সেই নামেৰেই তেওঁ জনপ্ৰিয় হৈ পৰিল W দা ৰূপে।
![]()
ভাৰতৰত্ন মাদাৰ টেৰেছা, সুকণ্ঠী গায়িকা লতা মংগেশকাৰ, ঊষা মংগেশকাৰ, সুধাকণ্ঠ ড০ ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকা, কিশোৰ কুমাৰ, মহম্মদ ৰফি, মহেন্দ্ৰ কাপুৰ, অভিনেতা দেৱানন্দ, বিগ বি অমিতাভ বচ্চন, ঋষি কাপুৰ, হেমা মালিনী, ঐশ্বৰ্য ৰায়কে ধৰি বিখ্যাত ৰাজনীতিবিদ তথা প্ৰয়াত প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু, ইন্দিৰা গান্ধী, ৰাজীৱ গান্ধী, শংকৰ দয়াল শৰ্মা, ৰাজনীতিবিদ এল কে আদৱানী, ড০ মনমোহন সিং, ভেংকাইয়া নাইডুকে ধৰি বহু ৰাজনীতিবিদৰ সান্নিধ্য লাভ কৰিছিল। তদুপৰি হিতেশ্বৰ শইকীয়া, প্ৰফুল্ল মহন্ত, তৰুণ গগৈ, সৰ্বানন্দ সোণোৱালকো ওচৰৰ পৰা পাইছিল তেওঁ।
![]()
বাৰ্মাই আছিল উত্তৰ–পূৰ্বাঞ্চলৰ ফটোগ্ৰাফীত ডিপ্লোমা লোৱা প্ৰথমগৰাকী ব্যক্তি।ক’বলৈ গ’লে তেওঁ আছিল ডিব্ৰুগড়ৰ ফটোগ্ৰাফীৰ এটা ব্ৰেণ্ড। ফটোগ্ৰাফাৰৰ লগতে তেওঁ আছিল এগৰাকী অভিনেতাও। বৃষ্টি,আজলী নবৌ, সোণমা, মধুচন্দ্ৰা, ৰতনলাল আদি কেইবাখনো বোলছবিত তেওঁ কৰিছিল সুন্দৰ অভিনয়। ইয়াৰ উপৰিও সাংবাদিক হিচাপে তেওঁ হিন্দী চেণ্টিনেল আৰু পূৰ্বাঞ্চল প্ৰহৰীৰ দৰে আগশাৰীৰ বাতৰি কাকতৰ স্থানীয় সাংবাদিক ৰূপেও সেৱা আগবঢ়াইছিল।
এইগৰাকী প্ৰখ্যাত ফটোগ্ৰাফাৰ, অভিনেতা তথা সাংবাদিক শেহতীয়াকৈ মধুমেহ, হৃদৰোগ, কিডনী, ডিমেনচিয়া আদি কেইবাটাও গুৰুতৰ ৰোগত আক্ৰান্ত হৈ শয্যাশায়ী হৈ আছিল।শিল্পী পেঞ্চন , সাংবাদিক পেঞ্চন, চৰকাৰী আৰ্থিক সাহায্য একোৰেই মুখ নেদেখা এইগৰাকী শিল্পী-সাংবাদিক অৱশ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰো ঘনিষ্ঠ আছিল। অৱশ্যে শেহতীয়াকৈ ডিব্ৰুগড়ৰ সাংবাদিকসকলৰ প্ৰচেষ্টাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে লকডাউনৰ সময়ত একলাখ টকা সাহায্য আগবঢ়াইছিল চিকিৎসাৰ বাবে। মৃত্যুৰ সময়ত তেওঁ পত্নী, পুত্ৰ-কন্যা, বোৱাৰী ,নাতিসহ বহু আত্মীয় স্বজনক এৰি গৈছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|