• Home
  • »
  • News
  • »
  • assam
  • »
  • অসমৰ ৰেডিঅ’ত হয়তো আৰু শুনিবলৈ নেপাব সেই কণ্ঠ -'এয়া আঞ্চলিক বাতৰি পঢ়িছো প্ৰিয়ব্ৰত হাজৰিকাই'!

অসমৰ ৰেডিঅ’ত হয়তো আৰু শুনিবলৈ নেপাব সেই কণ্ঠ -'এয়া আঞ্চলিক বাতৰি পঢ়িছো প্ৰিয়ব্ৰত হাজৰিকাই'!

১৯৯৭ চনতে অল ইণ্ডিয়া ৰেডিঅ’ৰ দিল্লীত এজন অসমীয়া বাতৰি পৰিৱেশক হিচাপে যোগদান কৰিছিল প্ৰিয়ব্ৰত হাজৰিকাই৷

১৯৯৭ চনতে অল ইণ্ডিয়া ৰেডিঅ’ৰ দিল্লীত এজন অসমীয়া বাতৰি পৰিৱেশক হিচাপে যোগদান কৰিছিল প্ৰিয়ব্ৰত হাজৰিকাই৷

১৯৯৭ চনতে অল ইণ্ডিয়া ৰেডিঅ’ৰ দিল্লীত এজন অসমীয়া বাতৰি পৰিৱেশক হিচাপে যোগদান কৰিছিল প্ৰিয়ব্ৰত হাজৰিকাই৷

  • Share this:
এটি চিনাকি কণ্ঠ, চিনাকি নাম। প্ৰতি পুৱা আৰু সন্ধিয়া বাতৰি পৰিৱেশনৰ সময়ত শুনিবলৈ পোৱা গৈছিল - ’এয়া আঞ্চলিক বাতৰি পঢ়িছোঁ প্ৰিয়ব্ৰত হাজৰিকাই’৷ কিন্তু এতিয়াৰে পৰা আৰু সেই কণ্ঠ আৰু শুনিবলৈ নাপাব আপোনালোকে! কাৰণ জনপ্ৰিয় অসমীয়া বাতৰি পৰিৱেশকগৰাকীক অল ইণ্ডিয়া ৰেডিঅ’ কৰ্তৃপক্ষই বদলি কৰিছে আন্দামান নিকোবৰলৈ, য’ত অচিনাকি অসমীয়া ভাষা ৷

১৯৯৭ চনতে অল ইণ্ডিয়া ৰেডিঅ’ৰ দিল্লীত এজন অসমীয়া বাতৰি পৰিৱেশক হিচাপে যোগদান কৰিছিল প্ৰিয়ব্ৰত হাজৰিকাই৷ তাৰ পিছতে ২০০০ চনৰ ডিচেম্বৰ মাহত গুৱাহাটী কেন্দ্ৰলৈ বদলি হৈছিল প্ৰিয়ব্ৰত হাজৰিকা৷ ইয়াৰ মাজতে প্ৰতি পুৱা আৰু সন্ধিয়া ৰেডিঅ’ত বাতৰি পঢ়ি চহা জীৱনৰ পৰা সকলো শ্ৰেণীৰ শ্ৰোতাৰ এটা চিনাকি নাম হৈ পৰিছিল প্ৰিয়ব্ৰত হাজৰিকা৷ আনকি ৰেডিঅ’ৰ বাতৰিৰ প্ৰাক মুহূৰ্তত কণ কণ শিশু শ্ৰোতাসকলে স্বতঃস্ফূৰ্ত ভাবে কৈয়ে পেলাইছিল- ’এয়া বাতৰি পঢ়িছো প্ৰিয়ব্ৰত হাজৰিকাই’৷

অল ইণ্ডিয়া ৰেডিঅ’ কৰ্তৃপক্ষ প্ৰচাৰ ভাৰতীয়ে যোৱা ২১ জুলাইত এক নিৰ্দেশযোগে প্ৰিয়ব্ৰত হাজৰিকাক বদলি কৰিছে আন্দামান নিকোবৰলৈ৷ উল্লেখযোগ্য যে  চৰকাৰৰ আৰু প্ৰচাৰ ভাৰতীৰ নিয়ম আছিল প্ৰতিখন ৰাজ্যত আঞ্চলিক ভাষাক গুৰুত্ব প্ৰদান কৰিব লাগিব। আনহাতে প্ৰিয়ব্ৰত হাজৰিকাই এজন অসমীয়া বাতৰি পঢ়োতা হিচাপেহে অল ইণ্ডিয়া ৰেডিঅ’ত যোগদান কৰিছিল। তেনেস্থলত কিয় জনপ্ৰিয় বাতৰি পৰিৱেশকজনক আন্দামান নিকোবৰলৈ বদলি কৰা হৈছে সেয়া এক সাঁথৰ৷ লকডাউনৰ সময়ত ১০০ দিন একেৰাহে নিৰ্দিষ্ট সময়ত বাতৰি পঢ়ি এক অভিলেখ গঢ়িছিল প্ৰিয়ব্ৰত হাজৰিকাই।
Published by:Sanjay Kumar Das
First published: