অসমৰ সাংস্কৃতিক ক্ষেত্ৰৰ বাবে আন এক দুঃসংবাদ। বিগত কিছুদিন পূৰ্বে সাংস্কৃতিক জগতখনৰ অপ্ৰতিদ্বন্দ্বী কণ্ঠশিল্পী হিচাপে সুখ্যাতি অৰ্জন কৰিবলৈ সক্ষম হোৱা ভিতালী দাস, অসমীয়া বোলছবি জগতৰ মহিলা সংগীত পৰিচালিকা তথা অধ্যাপিকা ড০ বিজয়লক্ষ্মী দাস আৰু উদীয়মান কণ্ঠশিল্পী পাৰবিন পৰীয়ে অপ্রত্যাশিতভাৱে সাংস্কৃতিক জগতখন উকা কৰি অনন্তধামলৈ গতি কৰাৰ পিছত আজি পুনৰ উদীয়মান গীতিকাৰ-সুৰকাৰ চন্দন কাকতিৰ মৃত্যুৰ দুঃসংবাদে সাংস্কৃতিক জগতখনত শোকৰ ছাঁ পেলাইছে।
গুৱাহাটী মহানগৰীৰ পশ্চিম প্ৰান্তৰ মাজিৰগাঁৱৰ বাসিন্দা চন্দন কাকতিয়ে অতি কম সময়ৰ ভিতৰতে প্ৰায় তিনি শতাধিক গীত ৰচনা আৰু সুৰ কৰি সাংস্কৃতিক ক্ষেত্ৰখনত বিপুল জনপ্ৰিয়তা অৰ্জন কৰিবলৈ হৈছিল। পুৱতিনিশা প্ৰায় ৪.৩৫ বজাত গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত পৰলোকপ্ৰাপ্তি ঘটে চন্দনৰ।
জানিব পৰা মতে, সুদীৰ্ঘ দিন ধৰি সাংস্কৃতিক কৰ্মী চন্দন কাকতি কৰ্কট ৰোগৰ আক্ৰান্ত হৈ আছিল। এটা ব্যক্তিগত খণ্ডৰ প্রতিষ্ঠানত কৰ্মৰত চন্দন কাকতিৰ মৃত্যুৰ সময়ত বয়স আছিল ৪৪ বছৰ। উল্লেখযোগ্য যে জনপ্ৰিয় কণ্ঠশিল্পী বাবু বৰুৱাই চন্দন কাকতিয়ে ৰচনা কৰা প্ৰায় শতাধিক গীত গাইছে। ইয়াৰ ভিতৰত আছে ‘অ’ চেনিমাই’, ‘বাৰিষাৰে বানত’, ‘দুচকুৱে হাঁহে’ , ‘বা ৰিব ৰিব মলয়া’ আদি। লগতে সাংস্কৃতিক ক্ষেত্ৰখনৰ হাৰ্টথ্ৰ'ব জুবিন গাৰ্গে চন্দন কাকতিয়ে ৰচনা কৰা অতি জনপ্ৰিয় 'নাহৰ' গীতটোকে ধৰি তিনিটা গীতত কণ্ঠদান কৰিছে।
পলাশবাৰী আঞ্চলিক হাইস্কুলৰ অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰয়াত সুৰেন কাকতি আৰু নিৰুপমা কাকতিৰ সুযোগ্য সন্তান চন্দন কাকতিৰ মৃত্যুৰ বাতৰি পোৱাৰ লগে লগে অগণন গুণমুগ্ধ চন্দন কাকতিৰ বাসগৃহত উপস্থিত হয়। এক শোকাকুল পৰিৱেশত দুপৰীয়া চন্দন কাকতিৰ শেষকৃত্য সম্পন্ন কৰা হয়।
উল্লেখযোগ্য যে বিগত ২০১৮-১৯ বৰ্ষত "বাৰিষাৰে বানত" গীতটোৰ বাবে অসম সংগীত মহোৎসৱৰ তৰফৰ পৰা চন্দন কাকতিক "শ্ৰেষ্ঠ গীত" বঁটাৰে সন্মানিত কৰে। চন্দন কাকতিৰ মৃত্যুত গুৱাহাটী মহানগৰীৰ পশ্চিম প্ৰান্তৰ লগতে সমগ্ৰ দক্ষিণ কামৰূপ অঞ্চলত গভীৰ শোকৰ ছাঁ পৰিছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|