• Home
  • »
  • News
  • »
  • assam
  • »
  • ৰিয়েলিটী শ্ব’ত অসমীয়াক চাইনিজ বুলি অপমানৰ অভিযোগ, বৰ্ণবৈষম্যক লৈ মুখ্যমন্ত্ৰীৰ টুইট

ৰিয়েলিটী শ্ব’ত অসমীয়াক চাইনিজ বুলি অপমানৰ অভিযোগ, বৰ্ণবৈষম্যক লৈ মুখ্যমন্ত্ৰীৰ টুইট

অৱশ্যে অসম আৰু অসমীয়াক লৈ ৰাঘৱে অপমান কৰা বুলি অভিযোগ উঠাৰ পিছত এই সন্দৰ্ভত এংকৰ ৰাঘৱে স্পষ্টীকৰণ দিয়ে।

অৱশ্যে অসম আৰু অসমীয়াক লৈ ৰাঘৱে অপমান কৰা বুলি অভিযোগ উঠাৰ পিছত এই সন্দৰ্ভত এংকৰ ৰাঘৱে স্পষ্টীকৰণ দিয়ে।

অৱশ্যে অসম আৰু অসমীয়াক লৈ ৰাঘৱে অপমান কৰা বুলি অভিযোগ উঠাৰ পিছত এই সন্দৰ্ভত এংকৰ ৰাঘৱে স্পষ্টীকৰণ দিয়ে।

  • Share this:

ৰিয়েলিটী শ্ব’ত অসমীয়াক অপমান কৰাৰ অভিযোগ উত্থাপন হৈছে জনপ্ৰিয় নৃত্যশিল্পী–এংকৰ ৰাঘৱ জুয়ালৰ বিৰুদ্ধে। এংকৰ ৰাঘৱে বৰ্ণবৈষম্যমূলক আচৰণ কৰা বুলি উত্থাপিত হৈছে অভিযোগ। এটা আগশাৰীৰ ৰাষ্ট্ৰীয় চেনেলত সম্প্ৰচাৰিত হোৱা ৰিয়েলিটি শ্ব’ Dance Diwaneত এংকৰ ৰূপে থকা ৰাঘৱ জুয়ালে ৰিয়েলিটি শ্ব’টোত অংশগ্ৰহণ কৰা অসমৰ প্ৰতিযোগী গুঞ্জনক চাইনীজ বুলি কোৱাৰ অভিযোগ উঠে। এই ঘটনাক লৈ আই পি এছ বিষয়া এল আৰ বিষ্ণৈও প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।





এই বিষয়ক লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মায়ো টুইটাৰৰ জৰিয়তে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।
উল্লেখ্য, প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰা গুঞ্জনে প্ৰকাশ কৰিছিল যে তেওঁৰ চাইনীজ ভাষাতো দখল আছে৷ ইয়াৰ পিছতে এংকৰ ৰাঘৱ জুয়ালে ধেমালিসুলভ মনোভাৱেৰে গুঞ্জনক চীনা নাগৰিক হিচাপে পৰিচয় কৰাই দিছিল।





অৱশ্যে অসম আৰু অসমীয়াক লৈ ৰাঘৱে অপমান কৰা বুলি অভিযোগ উঠাৰ পিছত এই সন্দৰ্ভত এংকৰ ৰাঘৱে কয় যে তেওঁ ঠাট্টা কৰা নাছিল আৰু অসমৰ দৰ্শকসকলে তেওঁক ভুল বুজিছে। ৰাঘৱে দাবী কৰা অনুসৰি তেওঁ গুঞ্জনক কি টেলেণ্ট আছে সুধিছিল আৰু উত্তৰত গুঞ্জনে চাইনীজ ভাষা জানে বুলি কৈছিল৷ দেশজুৰি বিষয়টোক লৈ চৰ্চা হোৱাত ৰাঘৱে ইয়াৰ বাবে দুখ প্ৰকাশ কৰি ক্ষমাও বিচাৰে।





 ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত কয়– "এয়া মোৰ দৃষ্টিগোচৰ হৈছে যে এগৰাকী জনপ্ৰিয় ৰিয়েলিটি শ্ব’ হোষ্টে গুৱাহাটীৰ এগৰাকী তৰুণ অংশগ্ৰহণকাৰীৰ বিৰুদ্ধে বৰ্ণবাদী ভাষ্য ব্যৱহাৰ কৰিছে৷ এইটো লজ্জাজনক আৰু সম্পূৰ্ণৰূপে গ্ৰহণযোগ্য নহয়৷ আমাৰ দেশত বৰ্ণবাদৰ কোনো স্থান নাই। আমি সকলোৱে ইয়াক পৰিহাৰ কৰা উচিত।"




উল্লেখ্য, অসমীয়াৰ বিৰুদ্ধে বৰ্ণবাদী আচৰণৰ অভিযোগ সন্দৰ্ভত দেশৰ ভিন্ন প্ৰান্তত চৰ্চা হোৱা দেখা গৈছে। সাধাৰণতে উত্তৰ–পূবৰ লোকৰ প্ৰতি দেশৰ কিছু প্ৰান্তৰ লোকে বৰ্ণবাদী মন্তব্য প্ৰকাশ কৰাৰ এটা ইতিহাস থকা হেতুকে এই ঘটনাটোৱেও বিশেষ চৰ্চা লাভ কৰে।
Published by:Gautam Barman
First published: