• Home
  • »
  • News
  • »
  • assam
  • »
  • Child Artist Majuli : মাজুলীৰ জনপ্ৰিয় শিশুশিল্পী তেজস্বিতা বৰুৱাৰ আকস্মিক বিয়োগ, গুৰুজয়ন্তীৰ অনুষ্ঠানত অংশ ল'বলৈ আহোঁতে হৈছিল অসুস্থ

Child Artist Majuli : মাজুলীৰ জনপ্ৰিয় শিশুশিল্পী তেজস্বিতা বৰুৱাৰ আকস্মিক বিয়োগ, গুৰুজয়ন্তীৰ অনুষ্ঠানত অংশ ল'বলৈ আহোঁতে হৈছিল অসুস্থ

তেওঁৰ মৃত্যুত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে গভীৰ শোক প্ৰকাশ কৰিছে।

তেওঁৰ মৃত্যুত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে গভীৰ শোক প্ৰকাশ কৰিছে।

তেওঁৰ মৃত্যুত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে গভীৰ শোক প্ৰকাশ কৰিছে।

  • Share this:
মাজুলী কমলাবাৰীৰ জনপ্ৰিয় শিশুশিল্পী তেজস্বিতা বৰুৱাৰ (১৪) আকস্মিক মৃত্যু। গুৰু জয়ন্তীৰ দিনা বৰগীত পৰিৱেশন কৰিবলৈ আহি হঠাতে অসুস্থ হৈ পৰা তেজস্বিতাক হাস্পতাললৈ নিয়া হয় যদিও তেওঁৰ প্ৰাণ বচাব পৰা নগ'ল।

উল্লেখ্য, মহাপুৰুষ শংকৰদেৱৰ আৱিৰ্ভাৱ তিথি উপলক্ষে শিশুশিল্পী তেজস্বিতাৰ নিজ গাঁৱৰ নামঘৰত শিশুশিল্পীসকলৰ সাংস্কৃতিক অনুষ্ঠানত বৰগীত পৰিৱেশন কৰিবলৈ আহি হঠাতে অসুস্থ হৈ পৰে তেওঁ। তেওঁক ততাতৈয়াকৈ গড়মূৰ অসামৰিক চিকিৎসালয়লৈ নিয়া হৈছিল।

শিশুশিল্পীগৰাকী কোনো ৰোগত আক্ৰান্ত নাছিল যদিও হাৰ্ট এটাক হৈ মৃত্যুমুখত পৰিব পাৰে বুলি চিকিৎসকে সন্দেহ প্ৰকাশ কৰে। তেজস্বিতাৰ আকস্মিক মৃত্যুৱে মাজুলীৰ লগতে ৰাজ্যৰ সকলোকে শোকাকুল কৰি তুলিছে। তেওঁৰ মৃত্যুৰ পিছত জন্মোৎসৱৰ সকলো কাৰ্যসূচী বাতিল কৰা হয়।

উল্লেখ্য, তেজস্বিতাই সৰুৰে পৰা সংগীত চৰ্চা কৰি ৰাজ্যজুৰি জনপ্ৰিয়তা অৰ্জন কৰিছিল। টেলিভিছনৰ লগতে সামাজিক মাধ্যমত নিজৰ গীত প্ৰচাৰ কৰিছিল তেজস্বিতাই। শিশুশিল্পীগৰাকী মাজুলী আইলেন্ড একাডেমীৰ নৱম শ্ৰেণীত অধ্যয়ন কৰি আছিল।

শিল্পীগৰাকীৰ মৃত্যুত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে গভীৰ দুখ প্ৰকাশ কৰে।



তেওঁৰ মৃত্যুত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে গভীৰ শোক প্ৰকাশ কৰিছে। গগৈয়ে কণ্ঠশিল্পীৰ বিয়োগত মাজুলীৰ লগতে অসমে এটি সম্ভাৱনাক হেৰুৱালে বুলি প্ৰকাশ কৰে।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি