জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ পঞ্চাশ বছৰীয়া জন্মদিন যোৰহাটত বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হৈছে। সদৌ অসম জুবিন গাৰ্গ ফেনচ ক্লাবৰ উদ্যোগত আৰু যোৰহাট জিলা জুবিন গাৰ্গ ফেনচ ক্লাবৰ সহযোগত আৰু জুবিন গাৰ্গৰ একাংশ ঘনিষ্ঠ বন্ধু তথা অনুৰাগীৰ সহায়ত যোৰহাট ক্ৰীড়া সন্থাৰ খেলপথাৰত উলহ-মালহেৰে উদযাপন কৰা হৈছে।
ইয়াৰ বাবে জেডিএছএ খেলপথাৰত ৰংঘৰৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে মঞ্চ , জুবিন গাৰ্গৰ ১১৮ ফুট উচ্চতাৰ প্ৰতিচ্ছবি নিৰ্মাণ কৰা হৈছে । এই সুউচ্চ কাটআউটৰ সন্মুখত ৰৈ বহুজনে তুলিছে ছেলফি।
১৯৯২ চনৰ পৰা বৰ্তমানলৈকে ৰিলিজ হোৱা জুবিন গাৰ্গৰ সকলো গীতৰ এলবামৰ এখন প্ৰদৰ্শনীও অনুষ্ঠিত হৈছে এগৰাকী অনুৰাগীৰ সহায়ত। জনপ্ৰিয় শিল্পীগৰাকীৰ জন্মদিন উদযাপনৰ সবাতোকৈ আকৰ্ষণীয় অনুষ্ঠানটো অনুষ্ঠিত হৈছে শুক্ৰবাৰে সন্ধিয়াৰ পৰা।
আটকধুনীয়া মঞ্চত জুবিলী, নীল আকাশ , সান্নিধ্য ভূঞা , প্ৰবীণ বৰা , অনুৰাগ শইকীয়াকে ধৰি অসমৰ বহুকেইগৰাকী শিল্পীয়ে জুবিন গাৰ্গৰ জন্মদিন উপলক্ষে গীত পৰিৱেশন কৰি মৰমৰ শিল্পীগৰাকীলৈ শুভেচ্ছা যাচে। অনুষ্ঠানত উপস্থিত হৈ জুবিন গাৰ্গে যোৰহাটবাসীৰ মৰম-ভালপোৱাৰ কথা সুঁৱৰে।
পিতৃ -মাতৃৰ যোৰহাটৰ ঘৰখনৰ কথা, শিক্ষানুষ্ঠানৰ বন্ধুসকলৰ কথা কৈ নষ্টালজিক হৈ পৰে শিল্পীগৰাকী। জুবিন গাৰ্গৰ যোৰহাটৰ একাংশ বন্ধুৱে শিল্পীগৰাকীক লৈ নিৰ্মাণ কৰা এটি গীতৰ ভিডিঅ' চাই আৱেগিক হৈ উচুপি উঠে জুবিন গাৰ্গ। জুবিন গাৰ্গৰ ৫০তম জন্মদিন উপলক্ষে আয়োজিত এই অনুষ্ঠানলৈ অসমৰ বিভিন্ন স্থানৰ পৰা অনুৰাগীসকল আহিছে। অনুৰাগীসকলৰ উৎসাহ দেখি মঞ্চলৈ উঠি গৈ জুবিন গাৰ্গে দুটা গীত গায় । সংগীতৰ এক মায়াময় পৰিৱেশত নিজৰ আপোন ঠাইখনত উদযাপন কৰা জুবিন গাৰ্গৰ এই জন্মদিন বহুতৰে বাবে স্মৰণীয় হৈ ৰ'ব।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|