নাও নাই, দলং নাই – নগৰবেৰাত নৈৰ ঘাটতে সন্তান প্ৰসৱ কৰিলে প্ৰসূতিয়ে

সংকটজনক অৱস্থাত ততাতৈয়াকৈ মহিলাগৰাকীৰ লগতে নৱজাতকটিক আন এখন নাৱেৰে পাৰ কৰি ই-ৰিক্সা এখনত তুলি ভৰ্তি কৰোৱা হ’ল নগৰবেৰা ব্লক প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত৷

News18-Assam
Updated:October 25, 2019, 8:02 AM IST
নাও নাই, দলং নাই – নগৰবেৰাত নৈৰ ঘাটতে সন্তান প্ৰসৱ কৰিলে প্ৰসূতিয়ে
সংকটজনক অৱস্থাত ততাতৈয়াকৈ মহিলাগৰাকীৰ লগতে নৱজাতকটিক আন এখন নাৱেৰে পাৰ কৰি ই-ৰিক্সা এখনত তুলি ভৰ্তি কৰোৱা হ’ল নগৰবেৰা ব্লক প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত৷
News18-Assam
Updated: October 25, 2019, 8:02 AM IST
দক্ষিণ কামৰূপৰ নগৰবেৰাত দেখা গ’ল যাতায়াত ব্যৱস্থাৰ এক পুতৌলগা ছবি। নৈৰ ঘাটতে সন্তান জন্ম দিবলগীয়া হ’ল এগৰাকী প্ৰসূতিয়ে। নাৱৰ বাবে ঘণ্টা ঘণ্টা ধৰি অপেক্ষা কৰি ছটফটাই থাকিল মহিলাগৰাকীয়ে। অৱশেষত নৈৰ ঘাটতে জন্ম দিলে সন্তান।

স্বাধীনতাৰ ৭টা দশকৰ পিছতো আজিও নগৰবেৰাৰ জলজলী নদীৰ ওপৰত নিৰ্মাণ নহ’ল এখন পকী দলং। ফলত নাৱেই একমাত্ৰ সাৰথি অঞ্চলটোৰ ৰাইজৰ। সুবিধা পালেই উন্নয়নৰ শ্লোগান গোৱা জনপ্ৰতিনিধিৰ আজিলৈ চকু পৰা নাই অঞ্চলটোত। আভ্যন্তৰীণ জল পৰিবহণ বিভাগেও নাৱৰ চলাচল বন্ধ কৰি থোৱাৰ ফলত ব্যক্তিগত নাৱেৰেই যাতায়াত কৰিবলগীয়া হৈছে অঞ্চলবাসীয়ে।

বৃহস্পতিবাৰে অঞ্চলটোৰ এগৰাকী মহিলাক প্ৰসৱজনিত কাৰণত নিয়া হৈছিল হাস্পতাললৈ। নগৰবেৰাৰ ডি বি আৰ পি পাৰঘাটত নাৱৰ বাবে ঘণ্টাৰ পিছত ঘণ্টা ধৰি অপেক্ষা কৰি থাকিবলগীয়া হ’ল প্ৰসূতিগৰাকী। যাত্ৰীৰ অতিমাত্ৰা ভিৰৰ বাবে সময়ত নৈ পাৰ হ’ব নোৱাৰাত ঘাটতে প্ৰসৱ বেদনাত ছটফটাই থাকিবলগীয়া হয় মহিলাগৰাকীয়ে। অৱশেষত নৈৰ ঘাটতে মহিলাগৰাকীয়ে জন্ম দিয়ে এটি সন্তান।

সংকটজনক অৱস্থাত ততাতৈয়াকৈ মহিলাগৰাকীৰ লগতে নৱজাতকটিক আন এখন নাৱেৰে পাৰ কৰি ই-ৰিক্সা এখনত তুলি ভৰ্তি কৰোৱা হ’ল নগৰবেৰা ব্লক প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত৷ সম্প্ৰতি মাতৃসহ নৱজাতকটি নগৰবেৰা স্বাস্থ্য কেন্দ্ৰত চিকিৎসাধীন হৈ আছে।

একমাত্ৰ বিধ্বস্ত যাতায়াত ব্যৱস্থাৰ বাবে বাৰে বাৰে অঞ্চলটোত সংঘটিত হৈ আহিছে এনেধৰণৰ ঘটনা। অচিৰে পাৰঘাটৰ স্থানত এখন পকী দলং নিৰ্মাণ কৰিবলৈ দাবী জনাইছে অঞ্চলটোৰ ৰাইজে।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি