দৰিদ্ৰতাই যেন হৈ পৰিছে অভিশাপ। ৬ মাহে বিছনাত স্বামী, দুৰাৰোগ্য পত্নীও

৬ মাহ ধৰি বিছনাত পৰি আছে দুৰ্ঘটনাত পতিত হৈ গুৰুতৰভাৱে হোৱা এজন যুৱক। যুৱকজনৰ পত্নীও দুৰাৰোগ্য।

news18assam
Updated:May 1, 2019, 10:15 PM IST
দৰিদ্ৰতাই যেন হৈ পৰিছে অভিশাপ। ৬ মাহে বিছনাত স্বামী, দুৰাৰোগ্য পত্নীও
৬ মাহ ধৰি বিছনাত পৰি আছে দুৰ্ঘটনাত পতিত হৈ গুৰুতৰভাৱে হোৱা এজন যুৱক। যুৱকজনৰ পত্নীও দুৰাৰোগ্য।
news18assam
Updated: May 1, 2019, 10:15 PM IST
দৰিদ্ৰতাই যেন হৈ পৰিছে অভিশাপ। কোকৰাঝাৰ জিলাৰ তিতাগুৰিত আৰ্থিক দৈন্যতাৰ বাবেই চিকিত্সাৰ অভাৱত ৬ মাহ ধৰি বিছনাত পৰি আছে দুৰ্ঘটনাত পতিত হৈ গুৰুতৰভাৱে হোৱা এজন যুৱক। যুৱকজনৰ পত্নীও দুৰাৰোগ্য। কিয়নো ৪ মাহৰ পৰা লোকজনৰ পত্নীও আক্ৰান্ত হৈ আছে যকৃত আৰু বৃক্ক ৰোগত। নৱ দম্পতী থকা ঘৰটোৰো অৱস্থা তেনেই তথৈবচ।
২০১৮ জুন মাহৰ শেষৰ ভাগত এক দুৰ্ঘটনাত পতিত হৈছিল ২৬ বছৰীয়া দেৱেন সূত্ৰধৰ নামৰ যুৱকজন। দুৰ্ঘটনাৰ ফলত যুৱকজনে গুৰুতৰ আঘাত পাইছিল বাওঁ ভৰিত। ভৰ্তি কৰোৱা হৈছিল চিকিত্সালয়ত। পিছে ধনৰ অভাৱৰ বাবে চিকিত্সা কৰিব নোৱৰাত যোৱা ৬ মাহৰ পৰা বিছনাতে পৰি আছে যুৱকজন। বিছনাই এতিয়া সাৰথি হৈ পৰিছে যুৱকজনৰ। উপায়হীন হৈ ঘৰতেই স্বামী দেৱেন সূত্ৰধৰৰ শুশ্ৰূষা কৰি আছে পত্নী মান্তি সূত্ৰধৰে। অতি দুৰ্ভাগ্যজনক কথা যে মান্তি সূত্ৰধৰো আক্ৰান্ত হৈছে জটিল ৰোগত। যোৱা ৪ মাহে বৃক্ক আৰু যকৃত ৰোগত আক্ৰান্ত মান্তি। দৰিদ্ৰতাৰ গ্ৰাসত পৰি কোনো উপায় নাপাই সকলোকে সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান নৱ দম্পতীৰ। কোনো হৃদয়বান ব্যক্তিয়ে দুৰ্ভগীয়া পৰিয়ালটোক সহায় কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিলে যোগাযোগ কৰিব পাৰে 70869-53006 নম্বৰত।
আৰু চাওক পৰৱৰ্তী বাতৰি