News18ৰ বাতৰিৰ পিছতে এখন নতুন চাইকেল পালে ছাৰবিনাই

News18 Assam | News18-Assam
Updated:June 3, 2020, 11:01 AM IST
News18ৰ বাতৰিৰ পিছতে এখন নতুন চাইকেল পালে ছাৰবিনাই
পৰিয়াল চলাবলৈ শাক–পাচলি বিক্ৰী কৰা নৱম শ্ৰেণীৰ ছাত্ৰী ছাৰবিনা খাতুনক নতুন চাইকেল উপহাৰ।

পৰিয়াল চলাবলৈ শাক–পাচলি বিক্ৰী কৰা নৱম শ্ৰেণীৰ ছাত্ৰী ছাৰবিনা খাতুনক নতুন চাইকেল উপহাৰ।

  • Share this:
News18ৰ বাতৰিৰ প্ৰভাৱ। নৱম শ্ৰেণীত পঢ়া ধুবুৰীৰ ঝগৰাপাৰ গাঁৱৰ এগৰাকী ছাত্ৰীৰ কঠোৰ জীৱন সংগ্ৰামৰ বাতৰি সোমবাৰে সবিস্তাৰে  News18ৰ ডিজিটেল আৰু টেলিভিছন মাধ্যমত সম্প্ৰচাৰ হোৱাৰ পিছত সুখবৰ আহিছে ছাত্ৰীগৰাকীলৈ। পৰিয়াল চলাবলৈ শাক–পাচলি বিক্ৰী কৰা নৱম শ্ৰেণীৰ ছাত্ৰী ছাৰবিনা খাতুনক এখন নতুন চাইকেল উপহাৰ দিলে স্থানীয় আনিছুৰ ৰহমান নামৰ এজন ব্যক্তিয়ে।

ছাৰবিনালৈ চাইকেল উপহাৰ দিয়া আমেৰভিটা গাঁৱৰ আনিছুৰ ৰহমানে ক’লে – এয়া সৰু এটা উপহাৰ মাত্ৰ। আমি আশা কৰিম ছাৰবিনাৰ লিখা–পঢ়াৰ ক্ষেত্ৰত কোনোবাই সহায়ৰ হাত আগবঢ়াব। আনহতে, নতুন চাইকেল পাই আনন্দিত হৈ পৰা ছাৰবিনাই কয় যে এতিয়া মোৰ কাম আৰু স্কুললৈ যোৱাত সুবিধা হ’ব।
First published: June 3, 2020, 9:33 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি