• Home
  • »
  • News
  • »
  • assam
  • »
  • Assam School : তৰ্জা বেৰ, বাঁহৰ জৰাজীৰ্ণ বিদ্যালয়ত চলিছে মানুহ গঢ়াৰ কমাৰশাল, শিক্ষা খণ্ডৰ আন এক পুতৌ লগা ছবি

Assam School : তৰ্জা বেৰ, বাঁহৰ জৰাজীৰ্ণ বিদ্যালয়ত চলিছে মানুহ গঢ়াৰ কমাৰশাল, শিক্ষা খণ্ডৰ আন এক পুতৌ লগা ছবি

Assam School : ৰঙিয়া শিক্ষা খণ্ডৰ অন্তৰ্গত বিহাপাৰাৰ বিটিচি এম ই স্কুলৰ দুৰৱস্থাই শিক্ষা খণ্ডৰ স্বৰূপ উদঙাই দিছে।

Assam School : ৰঙিয়া শিক্ষা খণ্ডৰ অন্তৰ্গত বিহাপাৰাৰ বিটিচি এম ই স্কুলৰ দুৰৱস্থাই শিক্ষা খণ্ডৰ স্বৰূপ উদঙাই দিছে।

Assam School : ৰঙিয়া শিক্ষা খণ্ডৰ অন্তৰ্গত বিহাপাৰাৰ বিটিচি এম ই স্কুলৰ দুৰৱস্থাই শিক্ষা খণ্ডৰ স্বৰূপ উদঙাই দিছে।

  • Share this:
    পৰিবৰ্তনকামী অসমৰ আন এক পুতৌ লগা ছবি । ৰঙিয়া শিক্ষা খণ্ডৰ অন্তৰ্গত বিহাপাৰাৰ বিটিচি এম ই স্কুলৰ দুৰৱস্থাই শিক্ষা খণ্ডৰ স্বৰূপ উদঙাই দিছে। জৰাজীৰ্ণ পঁজা সদৃশ গৃহৰ বাবে বহু অসুবিধাৰ মাজেৰে ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰিব লগা হৈছে বিদ্যালয়খনত । গোহাঁলি সদৃশ এই চৰকাৰী বিদ্যালয়খনত বৰষুণ দিলে পানী সোমাই বাবে পঢ়িব পৰা অৱস্থা নাথাকে ।

    তৰ্জা বেৰ, বাঁহেৰে নিৰ্মাণ কৰা বিদ্যালয়খনত আছে ৩ টাকৈ শ্ৰেণী কোঠা । ২৯ বছৰ পূৰ্বে স্থাপিত এই বিদ্যালয়খনত ১০৪ গৰাকী ছাত্র-ছাত্ৰীৰ বিপৰীতে আছে চাৰিগৰাকী শিক্ষক-শিক্ষয়িত্ৰী। বাঁহেৰে নিৰ্মিত বিদ্যালয়গৃহ বৰ্তমান জহি-খহি গৈছে। ফুটিবলৈ ধৰিছে টিনপাত । ইয়াৰ উপৰি বিদ্যালয়খনত বিশুদ্ধ খোৱাপানীৰো অভাৱ। নাই খেল-ধেমালিৰ সামগ্ৰী।

    উল্লেখ্য যে ছাত্র-ছাত্ৰীসকলৰ মধ্যহ্ন ভোজনৰ এটা অংশৰ টকা ৰাহি কৰি সেই টকাৰে বিদ্যালয়খনৰ জহি-খহি যোৱা গৃহ মেৰামতি কৰিবলৈ বাধ্য হৈছে শিক্ষকসকলে । পৰিবৰ্তনৰ শ্লোগান দি শাসনৰ গাদী দখল কৰা চৰকাৰখনে এনেদৰেই চৰকাৰী বিদ্যালয়ত মানৱ সম্পদ গঢ়ি তুলিবলৈ সক্ষম হ'ব নে ?
    Published by:Manjumoni Borah
    First published: