মুখ্যপৃষ্ঠা » খবৰ

» অসম

»Assam Agriculture: কৃষিমন্ত্ৰীৰ সমষ্টিতে কৃষি বিভাগৰ শোচনীয় অৱস্থা, দুটা উৱলি যোৱা ঘৰে কি সূচায়?

Assam Agriculture: কৃষিমন্ত্ৰীৰ সমষ্টিতে কৃষি বিভাগৰ শোচনীয় অৱস্থা, দুটা উৱলি যোৱা ঘৰে কি সূচায়?

News18 Assam | News18-Assam
Updated:June 29, 2021, 4:04 PM IST
Assam Agriculture: কৃষিমন্ত্ৰীৰ সমষ্টিতে কৃষি বিভাগৰ শোচনীয় অৱস্থা, দুটা উৱলি যোৱা ঘৰে কি সূচায়?
একপ্ৰকাৰ আছে গৰু নাবায় হাল হোৱাৰ দৰেই এতিয়া কৃষি বিভাগৰ এই গুৰুত্বপূৰ্ণ কাৰ্যালয়টোৰ অৱস্থা।

একপ্ৰকাৰ আছে গৰু নাবায় হাল হোৱাৰ দৰেই এতিয়া কৃষি বিভাগৰ এই গুৰুত্বপূৰ্ণ কাৰ্যালয়টোৰ অৱস্থা।

  • Share this:

ৰাজ্যৰ কৃষিখণ্ডত যুগান্তকাৰী পৰিৱৰ্তনৰ সূচনা কৰা হ'ব বুলি ঘোষণা কৰা  কৃষিমন্ত্ৰী অতুল বৰাৰ খোদ গৃহ সমষ্টিতেই কৃষি বিভাগৰ চৰম শোচনীয় অৱস্থা। কৃষি বিভাগৰ সোপাঢিলা নীতিৰ বাবেই বিগত বহু বছৰে এলাগি হৈ ৰৈছে কৃষি বিভাগৰ এটা গুৰুত্বপূৰ্ণ কেন্দ্ৰ তথা চৰকাৰী কাৰ্যালয়। অসম চৰকাৰৰ কৃষি বিভাগৰ অধীনস্থ "কৃষিক্ষেত্ৰ অনুসন্ধানমূলক কেন্দ্ৰ"টো ১৯৮২ চনতে স্থাপন কৰা হৈছিল বোকাখাতৰ পাণবাৰী  ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিৰ প্ৰায় ৪.৭৭হেক্টৰ মাটিকালিৰ ভূমিত।


ৰাজ্যৰ কৃষিক্ষেত্ৰত তাৎপৰ্যপূৰ্ণ ভূমিকা বহন কৰা বোকাখাত বিধানসভা সমষ্টিৰ কৃষক ৰাইজৰ সুবিধাৰ্থে স্থাপন হোৱা কৃষি বিভাগৰ অধীনস্থ  এই কেন্দ্ৰটোৱে কিন্তু কোনো কালেই উপকাৰ সাধিব নোৱাৰিলে বোকাখাতৰ কৃষক ৰাইজৰ। উল্লেখ্য যে সমগ্ৰ ৰাজ্যত অতি নগণ্যসংখ্যকহে আছে কৃষি বিভাগৰ এনে কেন্দ্ৰ।কিন্তু কৃষি বিভাগৰ চূড়ান্ত অকৰ্মণ্যতাৰ বাবেই এতিয়া এলাগি হৈ ৰৈছে এই গুৰুত্বপূৰ্ণ কেন্দ্ৰটো। ইতিমধ্যে ইয়াৰ মূল কাৰ্যালয়টো জহি-খহি যোৱাৰ  লগতে বিভাগীয় লোকৰ অযত্নপালিত হৈ সম্প্ৰতি ভূত-বাংলা সদৃশ হৈ পৰিছে উক্ত কাৰ্যালয়টো।


ইতিমধ্যে কাৰ্যালয়টোৰ পৰা হৰলুকী হৈছে বহু লক্ষাধিক টকাৰ যন্ত্ৰপাতিৰ তথা যান–বাহনৰ  লগতে বহু গুৰুত্বপূৰ্ণ  আজবাব পত্ৰ। জহিখহি গৈছে ইয়াৰ যথেষ্টসংখ্যক চৰকাৰী আৱাসগৃহও। ইতিমধ্যে কেন্দ্ৰটোৰ অধীনৰ আধা অংশ চৰকাৰী আবাস গৃহ প্ৰদান কৰা হৈছে অৰ্ধসামৰিক বাহিনীৰ লোকক। কেন্দ্ৰটোত কৰ্মৰত বহু সংখ্যক কৰ্মচাৰীয়ে অৱসৰ গ্ৰহণ কৰিলে যদিও এই পৰ্যন্ত নিষ্কৰ্মা হৈ ৰৈছে চৰকাৰী দৰমহাপ্ৰাপ্ত কেন্দ্ৰটোত কৰ্মৰত সাতজনকৈ চৰকাৰী কৰ্মচাৰী।



একপ্ৰকাৰ আছে গৰু নাবায় হাল হোৱাৰ দৰেই এতিয়া কৃষি বিভাগৰ এই গুৰুত্বপূৰ্ণ কাৰ্যালয়টোৰ অৱস্থা। অতি পৰিতাপৰ বিষয় যে বিগত পাঁচটা বছৰ ৰাজ্যৰ কৃষিমন্ত্ৰী হোৱাৰ লগতে পুনৰ দ্বিতীয়বাৰৰ বাবে কৃষিমন্ত্ৰীৰ গাদী দখল কৰা স্বয়ং কৃষিমন্ত্ৰীৰ গৃহ সমষ্টিতেই এটা চৰকাৰী গুৰুত্বপূৰ্ণ কেন্দ্ৰ চকুৰ আগতে  তিলতিলকৈ ধ্বংসৰ মুখলৈ গতি কৰাৰ পাছতো  কেন্দ্ৰটো পুনৰ উদ্ধাৰ অথবা  কাৰ্যক্ষম কৰি তোলাৰ ক্ষেত্ৰত  বিগত পাঁচটা বছৰে কোনো পদক্ষেপ  গ্ৰহণ নকৰিলে কৃষিমন্ত্ৰী অতুল বৰাই। এই বিষয়ত স্বাভাৱিকতেই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে এতিয়া বোকাখাতৰ সচেতন মহলে।

Published by: Gautam Barman
First published: June 29, 2021, 4:04 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি