পলিউচন চাৰ্টিফিকেটৰ নামত গুৱাহাটীত ব্যাপক অনিয়ম, RC চায়েই দিয়া হৈছে পলিউচন চাৰ্টিফিকেট

NEWS18ৰ অনুসন্ধানত পোহৰলৈ আহিছে পলিউচন চাৰ্টিফিকেট প্ৰদানৰ নামত সংঘটিত ব্যাপক অনিয়ম।

News18-Assam
Updated:September 27, 2019, 11:37 AM IST
পলিউচন চাৰ্টিফিকেটৰ নামত গুৱাহাটীত ব্যাপক অনিয়ম, RC চায়েই দিয়া হৈছে পলিউচন চাৰ্টিফিকেট
NEWS18ৰ অনুসন্ধানত পোহৰলৈ আহিছে পলিউচন চাৰ্টিফিকেট প্ৰদানৰ নামত সংঘটিত ব্যাপক অনিয়ম।
News18-Assam
Updated: September 27, 2019, 11:37 AM IST
নিলয় ভট্টাচাৰ্য : ৰাজ্যত নতুন যান–বাহন আইন বলৱৎ হোৱাৰ পিছত পলিউচন চাৰ্টিফিকেট সংগ্ৰহৰ বাবে হাহাকাৰ লাগিছে জনসাধাৰণৰ মাজত। মহানগৰীৰ বিভিন্ন পলিউচন টেষ্টিং চেণ্টাৰত এতিয়া দেখা গৈছে দীঘলীয়া শাৰী। পৰিবহণ বিভাগৰ ৰোষত পৰাৰ ভয়ত এতিয়া পলিউচন চাৰ্টিফিকেট সংগ্ৰহ কৰিবলৈ হেতা–ওপৰা লগাইছে পলিউচন টেষ্টিং চেণ্টাৰত। পুৱাৰে পৰা নিশালৈকে এই চেণ্টাৰসমূহত মানুহৰ ভিৰ পৰিলক্ষিত হৈছে।

কিন্তু মহানগৰীৰ পলিউচন টেষ্টিং চেণ্টাৰসমূহত চাৰ্টিফিকেট প্ৰদানৰ নামত চলিছে কি? NEWS18ৰ অনুসন্ধানত পোহৰলৈ আহিছে পলিউচন চাৰ্টিফিকেট প্ৰদানৰ নামত সংঘটিত ব্যাপক অনিয়ম। অভিযোগ অনুসৰি, একাংশ পলিউচন টেষ্টিং চেণ্টাৰত গাড়ীৰ কোনো ধৰণৰ পৰীক্ষা নকৰাকৈ প্ৰদান কৰা হৈছে পলিউচন চাৰ্টিফিকেট। কেৱল গাড়ীৰ পঞ্জীয়ন প্ৰমাণ–পত্ৰ চায়েই ধনৰ বিনিময়ত দিয়া হৈছে পলিউচন চাৰ্টিফিকেট।

শুকুৰবাৰে আমাৰ সাংবাদিক উপস্থিত হৈছিল মহানগৰীৰ লাচিত নগৰস্থিত এটা পলিউচন টেষ্টিং চেণ্টাৰত। উক্ত চেণ্টাৰটোতো দেখা গৈছিল মানুহৰ ভিৰ। পলিউচন চাৰ্টিফিকেট সংগ্ৰহৰ বাবে ৰৈ থকা এজন লোকে NEWS18ৰ সাংবাদিকৰ আগত অভিযোগ কৰে যে পলিউচন চাৰ্টিফিকেটৰ নামত কেন্দ্ৰটোত চলিছে ব্যাপক অনিয়ম। কেৱল ৰেজিষ্টেচন চাৰ্টিফিকেট চায়েই পলিউচন চাৰ্টিফিকেট প্ৰদান কৰাৰ অভিযোগ কৰে লোকজনে। ইমানেই নহয়, কেৱল ধনৰ লালসাত WhatsAppযোগে RC প্ৰেৰণ কৰিলেও পলিউচন চাৰ্টিফিকেট প্ৰদান কৰে চেণ্টাৰটোৰ কৰ্মীসকলে।

চৰকাৰৰ অনুমতিপ্ৰাপ্ত পলিউচন টেষ্টিং চেণ্টাৰসমূহত এতিয়া এইদৰেই চলিছে ৰমৰমীয়া বেহা। গাড়ীৰ কোনো ধৰণৰ পৰীক্ষা নকৰাকৈ পলিউচন চাৰ্টিফিকেট প্ৰদান কৰা কাৰ্যই এতিয়া সৃষ্টি কৰিছে ব্যাপক প্ৰতিক্ৰিয়াৰ। উল্লেখযোগ্য যে নতুন যান–বাহন আইন অনুসৰি পলিউচন চাৰ্টিফিকেট নাথাকিলে ভৰিব লাগিব ১০ হাজাৰ টকাৰ জৰিমনা।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTubeFacebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি