এয়া কি? নলা-নৰ্দমাৰ পানী যোগান ধৰা হৈছে নেকি যোৰহাট নগৰত?

News18 Assam | News18-Assam
Updated:July 16, 2020, 11:45 PM IST
এয়া কি? নলা-নৰ্দমাৰ পানী যোগান ধৰা হৈছে নেকি যোৰহাট নগৰত?
কোৰোণা ভাইৰাছৰ সংক্ৰমণৰ আতংকৰ মাজতে পানীৰ সমস্যাই জ্বলা-কলা খোৱাইছে যোৰহাট নগৰবাসীক।

কোৰোণা ভাইৰাছৰ সংক্ৰমণৰ আতংকৰ মাজতে পানীৰ সমস্যাই জ্বলা-কলা খোৱাইছে যোৰহাট নগৰবাসীক।

  • Share this:
কোৰোণা ভাইৰাছৰ সংক্ৰমণৰ আতংকৰ মাজতে পানীৰ সমস্যাই জ্বলা-কলা খোৱাইছে যোৰহাট নগৰবাসীক। যি সময়ত চৰকাৰে সঘনাই হাত ধুই পৰিস্কাৰ হৈ থাকিবলৈ কৈছে সেই সময়তে যোৰহাট নগৰৰ একাংশ বাসগৃহলৈ পৌৰসভাৰ পৰা যোগান ধৰা পানী ব্যৱহাৰ কৰিলে বেমাৰত ভোগাটো নিশ্চিত!

কিন্তু উপায়হীন হৈ যোৰহাট নগৰৰ ফাচীআলি অঞ্চলৰ একাংশ বাসিন্দাই ব্যৱহাৰ কৰিব লগা হৈছে অতি লেতেৰা, দূষিত পানী। যোৰহাট নগৰৰ এই অঞ্চলসমূহলৈ গড়মূৰৰ ভোগদৈ নদীৰ কাষত থকা যোৰহাট পৌৰসভাৰ পানী যোগান প্ৰকল্পৰ পৰা পানী যোগান ধৰা হয়। স্থানীয় লোকসকলে জনোৱা মতে, বিগত প্ৰায় এবছৰ ধৰি পৌৰসভাই নৰ্দমাৰ পানী সদৃশ অতি লেতেৰা, দূৰ্গন্ধযুক্ত পানী যোগান ধৰি আছে। একাংশ লোকৰ আৰ্বান পানী যোগান আচনিৰ সংযোগ আছে যদিও সেই পানীৰে চাহিদা পূৰণ নহ’লে পৌৰসভাৰ পানীৰ ওপৰতে নিৰ্ভৰ কৰিব লগা হয় ।

"এই পানী অতি লেতেৰা আৰু দূৰ্গন্ধযুক্ত। দীৰ্ঘদিন ধৰি এই সমস্যাত ভুগি আহিছে অঞ্চলটোৰ বহু লোক। যোৰহাট পৌৰসভা কৰ্তৃপক্ষক বহুবাৰ অভিযোগ দিয়া হৈছে। পুৰণি পানী পৰিবাহী পাইপসমূহ মেৰামতি কৰা হোৱা নাই। কৰ্তৃপক্ষই কিন্তু কোনো বিশেষ ব্যৱস্থা লোৱা নাই। " , স্থানীয় বাসিন্দা ইৰছাদ আহমেদে নিউজ18ক এনেদৰে কয় ।

স্থানীয় লোকসকলে লগতে কয় যে, এই পানীত বহু পোক থাকে। এনেধৰণৰ পানী ব্যৱহাৰ কৰি বেমাৰতো পৰিছে বহুলোক।’
Published by: Himangshu Bhuyan
First published: July 16, 2020, 11:45 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading