বৰলুইতৰ বুকুত বিহ ঢালিছে কোনে?

ভয়ংকৰভাৱে প্ৰদূষিত হৈছে ব্ৰহ্মপুত্ৰৰ পানী। একাংশ হিতাহিত জ্ঞানশূন্য লোকৰ কৰ্মকাণ্ড আৰু চৰকাৰৰ হেমাহিৰ ফলতে প্ৰদূষিত হৈছে লুইতৰ পানী

Sanjay Kumar Das | news18assam
Updated:April 16, 2019, 12:57 PM IST
বৰলুইতৰ বুকুত বিহ ঢালিছে কোনে?
ভয়ংকৰভাৱে প্ৰদূষিত হৈছে ব্ৰহ্মপুত্ৰৰ পানী। একাংশ হিতাহিত জ্ঞানশূন্য লোকৰ কৰ্মকাণ্ড আৰু চৰকাৰৰ হেমাহিৰ ফলতে প্ৰদূষিত হৈছে লুইতৰ পানী
Sanjay Kumar Das | news18assam
Updated: April 16, 2019, 12:57 PM IST
মহাবাহু ব্ৰহ্মপুত্ৰৰ সৈতে আছে কোটি কোটি জনতাৰ আত্মিক সম্পৰ্ক। দুয়োপাৰে থকা কোটি কোটি জনতাৰ স্বাভিমান মহাবাহু ব্ৰহ্মপুত্ৰ। যুগ যুগ ধৰি নিৰলসভাৱে বৈ থকা বুঢ়ালুইতৰ বুকুত এতিয়া ক’লা দাগ! একাংশ স্বাৰ্থপৰ, কাণ্ডজ্ঞানহীন লোকৰ বাবে আজি ক’লা হৈ পৰিছে লুইতৰ বুকু।

ভয়ংকৰভাৱে প্ৰদূষিত হৈছে ব্ৰহ্মপুত্ৰৰ পানী। একাংশ হিতাহিত জ্ঞানশূন্য লোকৰ কৰ্মকাণ্ড আৰু চৰকাৰৰ হেমাহিৰ ফলতে প্ৰদূষিত হৈছে লুইতৰ পানী। মহানগৰীৰ যিটো ঘাটলৈ যায় তাতেই আপুনি দেখা পাব এই দৃশ্য। উজান বজাৰ, কাছমাৰী, লাটিচ ঘাট য’লৈকেই যায় তাতেই আপুনি দেখিব এই ভয়ংকৰ প্ৰদূষণ। জাৱৰ–জোঁথৰৰ লগতে প্লাষ্টিক, পেলনীয়া সামগ্ৰীয়ে প্ৰদূষিত কৰিছে ব্ৰহ্মপুত্ৰৰ পানী।

মহানগৰীৰ নলা–নৰ্দমাসমূহৰ পৰা অহা গেলা পানী, দোকান–বজাৰৰ পেলনীয়া সামগ্ৰীয়ে মাতি আনিছে ভয়ংকৰ বিপদ। ফাঁচী বজাৰত নষ্ট হৈ যোৱা আলু–পিঁয়াজসহ বিভিন্ন প্লাষ্টিকৰ সামগ্ৰী পেলোৱা হয় ব্ৰহ্মপুত্ৰত। মহানগৰীৰ বিভিন্ন প্ৰান্তৰ পৰা বোৱাই অনা নলা–নৰ্দমাও ব্ৰহ্মপুত্ৰৰ সৈতে সংযুক্ত। যি ঠাইত নলাসমূহ ব্ৰহ্মপুত্ৰত পৰেহি সেই স্থানৰ এটা বৃহৎ অংশ পানীৰ ৰং ক’লা হৈ পৰা দেখা যায়।

তদুপৰি ব্ৰহ্মপুত্ৰৰ পাৰত থকা বিভিন্ন হোটেল, বজাৰ, বাসগৃহ আদিৰ আৱৰ্জনাসমূহ একাংশ লোকে আগ–গুৰি নাভাৱি ব্ৰহ্মপুত্ৰত পেলাই দিয়াৰ ফলত দূষিত হৈছে পানী। সময় থাকোতেই মহানগৰবাসী সচেতন হ’লে এই ভয়ংকৰ সমস্যাৰ নিশ্চয়কৈ ৰক্ষা পাব পৰা যাব বুলি আশা কৰিব পাৰি।

প্ৰশ্ন হয়, গংগা পৰিষ্কাৰৰ নামত চৰকাৰে কোটি কোটি টকা ব্যয় কৰিছে, কিন্তু ব্ৰহ্মপুত্ৰৰ ক্ষেত্ৰত কিবা ব্যৱস্থা হ’বনে? এইক্ষেত্ৰ যথেষ্ট কৰণীয় আছে গুৱাহাটী পৌৰ নিগমৰো। মহানগৰীৰ জাৱৰ–জোঁথৰসমূহ নিৰ্দিষ্ট স্থানত সুপৰিকল্পিতভাৱে পেলোৱাৰ ব্যৱস্থা কৰিলে নিশ্চয়কৈ লুইতৰ পানীৰ প্ৰদূষণ বহুখিনি ৰোধ কৰিব পৰা যাব।
আৰু চাওক পৰৱৰ্তী বাতৰি