உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Assam Municipal Elections: শান্তিপূৰ্ণভাৱে চলি আছে বৰপেটা পৌৰসভা নিৰ্বাচনৰ ভোটগ্ৰহণ, অগপৰ প্ৰাক্তন বিধায়কে কৰিলে এনে দাবী

    Assam Municipal Elections: শান্তিপূৰ্ণভাৱে চলি আছে বৰপেটা পৌৰসভা নিৰ্বাচনৰ ভোটগ্ৰহণ, অগপৰ প্ৰাক্তন বিধায়কে কৰিলে এনে দাবী

    অগপৰ প্ৰাক্তন বিধায়কৰ দাবী- ১৬খন আসন লাভ কৰি বৰপেটা পৌৰসভা গঠন কৰিব অগপই ৷

    অগপৰ প্ৰাক্তন বিধায়কৰ দাবী- ১৬খন আসন লাভ কৰি বৰপেটা পৌৰসভা গঠন কৰিব অগপই ৷

    অগপৰ প্ৰাক্তন বিধায়কৰ দাবী- ১৬খন আসন লাভ কৰি বৰপেটা পৌৰসভা গঠন কৰিব অগপই ৷

    • Share this:
    দেওবাৰে পুৱাৰে পৰা ৰাজ্যত অনুষ্ঠিত হৈছে পৌৰসভা নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া (Municipality election vote polling) ৷ ৰাজ্যৰ আন জিলাৰ লগতে   বৰপেটা জিলাৰ পাঁচখন পৌৰসভাৰ ৬২ টা ৱাৰ্ডৰ বাবে মুঠ ১৩০ টা কেন্দ্ৰত পুৱাৰেপৰা ভোটগ্ৰহণ অনুষ্ঠিত হৈছে । ইয়াৰে বৰপেটা পৌৰসভাৰ (‍Barpeta Municipal Board ) ২২ টা আৰু বৰপেটাৰোড, হাউলী, সৰ্থেবাৰী আৰুসৰভোগ পৌৰসভাৰ বাবে ১০ টাকৈ ৱাৰ্ডৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হৈছে । জিলাখনৰ মুঠ ৬২ টা ৱাৰ্ডৰ বাবে মুঠ ১৮৪ জন প্ৰাৰ্থীয়ে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছে ।

    বৰপেটাৰ AGPৰ প্ৰাক্তন বিধায়ক গুনীন্দ্ৰ নাথ দাসে আজি ৫ নং ৱাৰ্ডৰ বাবে বিদ্যাপীঠ স্কুলত স্থাপন কৰা ভোটগ্ৰহণ কেন্দ্ৰত ভোটাধিকাৰ সাব্যস্ত কৰে ৷ এখন ই-ৰিক্সাৰে আহি আজি প্ৰাক্তন বিধায়কজনে ভোট প্ৰদান কৰে ৷

    অগপৰ প্ৰাক্তন বিধায়কজনৰ দাবী- ১৬খন আসন লাভ কৰি বৰপেটা পৌৰসভা গঠন কৰিব অগপই ৷ ইপিনে BJPয়ে মিত্ৰতাৰ ধৰ্ম পালন নকৰা বুলি অভিযোগ তুলি চন্দ্ৰমোহন পাটোৱাৰীকে ধৰি একাংশ মন্ত্ৰী, বিধায়ক আৰু বিজেপি নেতাই অগপৰ বিৰুদ্ধে কৰা মন্তব্যক লৈ দুখ প্ৰকাশ কৰে ৷

    পৌৰসভা নিৰ্বাচনক (Municipal Board Election )লৈ অগপ-বিজেপিৰ মাজত হোৱা সংঘাতৰ অৱসান ঘটাই অহা ৫০ বছৰলৈ অগপ-বিজেপিৰ সৈতে মিত্ৰতাৰে চৰকাৰ গঠন কৰাৰ সপক্ষে মত ব্যক্ত কৰে অগপৰ প্ৰাক্তন বিধায়কগৰাকীয়ে ৷
    Published by:Gautam Barman
    First published: