বিগত দুটা মাহত BTADৰ চাৰিখন জিলাৰ বিভিন্ন প্ৰান্তৰৰ পৰা উদ্ধাৰ হৈছে অৰ্ধশতাধিক অত্যাধুনিক মাৰণাস্ত্ৰ ৷ NDFBৰ চাৰিওটা গোটে বিগত জানুৱাৰীত অস্ত্ৰসম্বৰণ কৰাৰ পিছতো ক'ৰ পৰা ওলাইছে এইসমূহ মাৰণাস্ত্ৰ? এইলৈ ৰাজনীতিৰ গোন্ধ পাইছে জেষ্ঠ BPF নেত্ৰী তথা মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মৰ ৷
বিগত ৩০ জানুৱাৰীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হাতত অত্যাধুনিক মাৰণাস্ত্ৰ তুলি দি অস্ত্ৰসম্বৰণ কৰিছিল NDFBৰ চাৰিওটা গোটে৷ এই অস্ত্ৰ সম্বৰণৰ পিছত আশা কৰা হৈছিল যে, বড়োভূমিত আৰু নাথাকিব অবৈধ মাৰণাস্ত্ৰৰ ৷ কিন্তু ভৱা মতে কথাবোৰ নহ'ল ৷ সেনা-আৰক্ষীয়ে চলোৱা অভিযানত উদ্ধাৰ হ'বলৈ ধৰিলে গোপন অস্ত্ৰভাণ্ডাৰ ৷
এই সন্দৰ্ভত প্ৰশ্ন কৰা হ'ল জেষ্ঠ BPF নেত্ৰী তথা মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মক ৷ মন্ত্ৰী ব্ৰহ্মই ক'লে- “সকলোৱে অস্ত্ৰ সম্বৰণ কৰাৰ পিছত ক'ৰ পৰা ওলাইছে অস্ত্ৰসমূহ? চুক্তি কৰাৰ সময়ত কি চুক্তি কৰিছিল? অস্ত্ৰ সম্বৰণ কৰাৰ সময়ত কিয় জমা নললে সকলোবোৰ অস্ত্ৰ-শস্ত্ৰ? এয়াকলৈ এতিয়া ৰাজনীতি হৈছে ৷”
এই প্ৰশ্নৰ অৱতাৰণা কৰি মন্ত্ৰী প্ৰমীলাই ক'লে- “সাংবাদিকসকলে এইবোৰ কথা ৰাইজক জনাওক ৷ কথাবোৰ উদঙাই দিয়ক৷ আমাতকৈ বহু কথা জানে সাংবাদিকসকলে ৷”
এতিয়া কথা হ'ল- কোনে কি কাৰণত লুকুৱাই ৰাখিছে অত্যাধুনিক মাৰণাস্ত্ৰ? তাতে সমাগত BTCৰ পৰিষদীয় নিৰ্বাচন ৷ প্ৰশ্ন বহুত!
Published by: Himangshu Bhuyan
FIRST PUBLISHED : August 06, 2020, 16:45 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।