মুখ্যপৃষ্ঠা »খবৰ »অসম »Jorhat BJP: বঙহৰ বিৰুদ্ধে বঙহৰ যুঁজ, লবীকেন্দ্ৰীক ৰাজনীতিৰে ভাৰাক্ৰান্ত বিজেপি

Jorhat BJP: বঙহৰ বিৰুদ্ধে বঙহৰ যুঁজ, লবীকেন্দ্ৰীক ৰাজনীতিৰে ভাৰাক্ৰান্ত বিজেপি

বুথ-মণ্ডলৰ পৰা জিলালৈকে ভাৰ ব'ব নোৱাৰা সংঘাত বিজেপিত, এইবাৰ যোৰহাট বিজেপিত সংঘাত 

বুথ-মণ্ডলৰ পৰা জিলালৈকে ভাৰ ব'ব নোৱাৰা সংঘাত বিজেপিত, এইবাৰ যোৰহাট বিজেপিত সংঘাত 

বুথ-মণ্ডলৰ পৰা জিলালৈকে ভাৰ ব'ব নোৱাৰা সংঘাত বিজেপিত, এইবাৰ যোৰহাট বিজেপিত সংঘাত 

  • Share this:
এখন জিলাৰ পৰা আন এখন জিলালৈ বিয়পিছে বিজেপিৰ বিদ্ৰোহৰ জুই ৷ বঙাইগাঁও, নলবাৰী, হোজাইৰ পিছত এইবাৰ যোৰহাট ৷ এইবাৰ যোৰহাট বিজেপিত মুকলি সংঘাত ৷

শেহতীয়াকৈ সততে বিজেপিত নঘটা কিছুমান ঘটনা এতিয়া তেনেই সুলভ হৈ পৰিছে ৷ কংগ্ৰেছক কথাই কথাই অনুশাসনহীন দল বুলি ঠাট্টা মস্কৰা কৰা বিজেপিত এতিয়া এনে পৰিৱেশ সুলভ হৈ পৰিছে ৷ যোৰহাট বিজেপিত এতিয়া কাজিয়া ৷ জন্মলগ্নৰে পৰা বিজেপিক সকলোৱে অতি সুশৃংখলিত দল বুলিয়েই জানে ৷ দলটোৰ বিষয় ৰাজহুৱা নহয় ৷ অসম বিজেপিও ফলে-ফুলে জাতিস্কাৰ হোৱা ৭টা বছৰ হৈছে ৷ কিন্তু লাহে লাহে যেন বিজেপিৰ ভিতৰছোৱাত যেন ফাট মেলিব লৈছে ৷ কংগ্ৰেছী পৰম্পৰাই যেন আৰম্ভ হৈছে বিজেপিত ৷ বিজেপিৰ পৰা ইটোৰ পিছত সিটো ভাতৃ সংঘাতৰ খবৰ আহিছে ৷

বঙাইগাঁও,নলবাৰী আৰু হোজাইৰ পিছত এইবাৰ যোৰহাটত এনে সংঘাতৰ খবৰ পোৱা গৈছে। আভ্যন্তৰীণ সংঘাতত কঁপিছে এতিয়া যোৰহাট বিজেপি ৷ যোৰহাটত জিলা সভাপতি হেমন্ত কলিতাৰ বিৰুদ্ধে মুকলি বিদ্ৰোহ ৷ কিন্তু কিয় হঠাৎ বিজেপিৰ জিলা পৰ্যায়ত এই সংঘাত আৰম্ভ হৈছে সেয়াহে এক প্ৰশ্ন। আচলতে জিলা পৰ্যায়তেই নহয়, বুথ আৰু মণ্ডল পৰ্যায়ৰ পৰাই এনে সংঘাত আৰম্ভ হৈছে ৷ উমি উমি জ্বলি থকা জুইকুৰা যোৰহাটত দাউদাউকৈ জ্বলিল প্ৰধানমন্ত্ৰীৰ ‘মন কী বাত’ প্ৰসংগক লৈ ৷ অসাংবিধানিকভাৱে পতা বুথৰ সভাপতিক ‘মন কী বাত’ৰ দায়িত্ব দিয়া হৈছে বুলি অভিযোগ আনিছে যোৰহাট জিলা বিজেপিৰ সম্পাদক ঈশ্বৰ প্ৰসন্ন বৰদলৈয়ে ৷

যোৰহাট জিলা সভাপতিৰ এনে বহু কাৰ্যত ক্ষুন্ন হৈ ৮৫% দায়িত্ববাহী কৰ্মীয়ে উভতি ধৰাৰ সমানে সমানে একাংশই দায়িত্বৰ পৰা পদত্যাগ কৰিলে ৷ আনকি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা বিজ্ঞপ্তিক লৈও সংঘাত চলাৰ কথা সদৰি কৰিছে যোৰহাট বিজেপিৰ সংবাদ বিভাগৰ আহ্বায়ক বনী শইকীয়াই ৷ জিলা প্ৰভাৰী ৰূপক শৰ্মাৰ মধ্যস্থতাত সভাপতি আৰু বিদ্ৰোহীৰ মাজত আলোচনা আৰম্ভ হৈছিল ৷ কিন্তু জিলা সভাপতিৰ মতে 'এইবোৰ সৰু ঘটনা  অমিল থাকিলেও সকলো মিলিব ৷' ইয়াৰ মাজতে সভাপতিৰ দাম্ভিক ঘোষণা 'দলীয় শৃংখলা ভংগ কৰাসকল অনুতপ্ত হ'ব ৷'

যোৰহাট বিজেপিত আৰম্ভ হোৱা এই সংঘাতৰ আঁৰত বহুকেইটা লবী ৷ লবী ৰাজনীতিৰে বহুধা বিভক্ত এতিয়া যোৰহাট বিজেপি ৷ যোৰহাটত হেমন্ত কলিতা লবী, হিতেন্দ্ৰনাথ গোস্বামী লবী, কামাখ্যা প্ৰসাদ তাছাৰ লবী, শান্তনু পূজাৰীৰ লবী, সিদ্ধাঙ্কু অংকুৰ বৰুৱাৰ লবী ৷ এনে বহু লবীৰে ভাৰাক্ৰান্ত যোৰহাট বিজেপি ৷

শেহতীয়া বাতৰি