ভৱেশ কলিতাই ১৯৯১ চনত যোগদান কৰিছিল বিজেপিত ৷ ১৯৯২ত কমলপুৰ বিজেপিৰ মণ্ডল সভাপতিৰ দায়িত্ব লাভ কৰিছিল কলিতাই ৷ ১৯৯৪ত কামৰূম (ম) বিজেপিৰ জিলাৰ সাধাৰণ সম্পাদক হিচাপে কৰিছিল কাৰ্যনিৰ্বাহ ৷ ২০০৫-০৮লৈ উত্তৰ কামৰূপ জিলা বিজেপিৰ সভাপতি হিচাপে সম্পন্ন কৰিছিল দায়িত্ব ৷ ২০০৬ত অসম প্ৰদেশ বিজেপিৰ সম্পাদকৰ দায়িত্ব লোৱা ভৱেশ কলিতাই ২০১১ত অসম প্ৰদেশ বিজেপিৰ সাধাৰণ সম্পাদকৰ দায়িত্বও সম্পাদন কৰিছিল ৷ ২০১৯-২০ত বিজেপি অসম প্ৰদেশৰ ষ্টেট ৰিটাৰ্ন বিষয়াৰ দায়িত্ব লয় ৷ ২০১৬ত ৰঙিয়াৰ পৰা বিধায়ক নিৰ্বাচিত হোৱাৰ লগতে ৰাজ্য চৰকাৰৰ ৰাজ্যিক মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ ২০১৬-২১লৈ ৷
বৰ্তমান ৰঙিয়াৰ বিধায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা ভৱেশ কলিতাক কেন্দ্ৰীয় নেতৃত্বৰ সভাপতি হিচাপে গধুৰ দায়িত্ব প্ৰদান কৰিছে ৷ উল্লেখ্য যে নিৰ্বাচনী পৰ্যবেক্ষক হিচাপে বিটিচি, ৰাভা হাছং স্বায়ত্ত পৰিষদ, তিৱা স্বায়ত্ত পৰিষদ, কাৰ্বি আংলং স্বায়ত্ব পৰিষদৰ দায়িত্বও সমাপন কৰাৰ অভিজ্ঞতা আছে ভৱেশ কলিতাৰ ৷
শনিবাৰে এক নিৰ্দেশনাযোগে কেন্দ্ৰীয় নেতৃত্বই তাৎক্ষণিকভাৱে ভৱেশ কলিতাক সভাপতি নিযুক্তি দিয়াত সকলোৱে জনাইছে অভিনন্দন ৷
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই লিখিছে, "ভৱেশ কলিতাৰ দলটোলৈ অৰিহণা অপৰিহাৰ্য ৷ তেওঁ সভাপতি হোৱাত সুখী, তেওঁলৈ থাকিল আন্তৰিক শুভকামনা৷"
প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে লিখিছে, "ভাৰতীয় জনতা পাৰ্টী, অসম প্ৰদেশৰ নৱনিযুক্ত মাননীয় সভাপতি শ্ৰী ভবেশ কলিতা ডাঙৰীয়াক মোৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। আশা কৰোঁ মাননীয় ৰাষ্ট্ৰীয় অধ্যক্ষ শ্ৰী জে পি নড্ডা ডাঙৰীয়াৰ মাৰ্গদৰ্শন আৰু আপোনাৰ সবল নেতৃত্বত ভাৰতীয় জনতা পাৰ্টীৰ সাংগঠনিক ভেটি অসমত অধিক শক্তিশালী হোৱাৰ লগতে জনসাধাৰণৰ আশা-আকাংক্ষা বাস্তৱায়িত হোৱাৰ দিশত এক নতুন দিগন্তৰ সূচনা হ'ব। নতুন কাৰ্যকালৰ বাবে আপোনালৈ মোৰ শুভকামনা থাকিল।"
ৰাজ্যিক বিজেপিৰ সদ্য প্ৰাক্তন সভাপতি ৰণজিত দাসে লিখিছে, "ভাৰতীয় জনতা পাৰ্টী, অসম প্ৰদেশৰ নৱনিযুক্ত সভাপতি হিচাপে অধিষ্ঠিত হোৱা সন্মানীয় ভৱেশ কলিতা ডাঙৰীয়াক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ৷ তেখেতৰ নেতৃত্বত ৰাজ্যত ভাৰতীয় জনতা পাৰ্টীৰ সাংগঠনিক ভেটি অধিক সুদৃঢ় হওক তাকেই কামনা কৰিছোঁ ৷"
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|