বিধায়কৰ পৰা কেবিনেট মন্ত্ৰী পদলৈ ৰামেশ্বৰ তেলীৰ উত্থান
News18-Assam Updated:May 30, 2019, 7:40 PM IST

অসমৰ পৰা মোদী কেবিনেটত স্থান লাভ কৰা একমাত্ৰ সাংসদ ৰামেশ্বৰ তেলী।
অসমৰ পৰা মোদী কেবিনেটত স্থান লাভ কৰা একমাত্ৰ সাংসদ ৰামেশ্বৰ তেলী।
- News18 Assam
- Last Updated: May 30, 2019, 7:40 PM IST
ৰাজনৈতিক কেৰিয়াৰ
ৰামেশ্বৰ তেলী ২০০১–২০০৬ চন আৰু ২০০৬–২০১১চনত দুলীয়াজানৰ বিধায়ক আছিল। ২০১১চনত তেওঁ ৩০০০টা ভোটৰ ব্যৱধানত পৰাস্ত হৈছিল। ২০১৪চনত দলে তেওঁক ডিব্ৰুগড় সংসদীয় সমষ্টিৰ পৰা টিকট দিয়ে আৰু দলৰ প্ৰত্যাশা ৰক্ষা কৰি তেলী জয়ী হৈ আহে।
ৰামেশ্বৰ তেলীয়ে প্ৰথমবাৰ কেন্দ্ৰীয় মন্ত্ৰীমণ্ডলত স্থান লাভ কৰিছে। বিজেপিয়ে উত্তৰ পূবৰ প্ৰতি বিশেষ গুৰুত্ব প্ৰদান কৰাৰ লগতে অসমত অভূতপূৰ্ব ফলাফল লাভ কৰাৰ বাবে অসমৰ সাংসদগৰাকীক কেবিনেটত স্থান দিয়া হৈছে। চাহ সম্প্ৰদায়ৰ হোৱাৰ বাবে তেলীৰ জৰিয়তে চাহ বাগিচা এলেকাত বিজেপিয়ে নিজৰ খামোচ মজবুত কৰি ৰখাও অন্য এক উদ্দেশ্য হ’ব পাৰে।