CAB ৰ প্ৰসংগঃ অসমৰ টেলিভিচন চেনেলত বিজেপি নেতা আৰু KMSS নেতাৰ মাজত প্ৰচণ্ড মাৰপিট

News18-Assam
Updated:November 23, 2019, 12:49 PM IST
CAB ৰ প্ৰসংগঃ অসমৰ টেলিভিচন চেনেলত বিজেপি নেতা আৰু KMSS নেতাৰ মাজত প্ৰচণ্ড মাৰপিট
সৌজন্য– Assam Talks Youtube Channel

কৃষক মুক্তিয়ে CAB ৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰাটো অৰ্থহীন বুলি কোৱাৰ লগতে যিকোনো পৰিস্থিতি অসমত CAB গৃহিত হ’বই বুলি দাম্ভিক মন্তব্য কৰে বিজেপি নেতা ৰামকৃষ্ণ ঘোষে

  • News18 Assam
  • Last Updated: November 23, 2019, 12:49 PM IST
  • Share this:
জাতি ধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যত উত্তাল প্ৰতিবাদ অব্যাহত থকাৰ সময়তে অসমৰ এটা ব্যক্তিগত টেলিভিচন চেনেলৰ টক শ্ব’ত CAB ৰ বিষয়ত আলোচনা চলি থাকোতেই প্ৰচণ্ড মাৰপিটৰ সূত্ৰপাত হয়। শ্ব’টোত অংশগ্ৰহণ কৰা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা ধৈৰ্য্য কোঁৱৰ আৰু বিজেপি নেতা ৰামকৃষ্ণ ঘোষৰ মাজত হয় মাৰপিট।

সৌজন্য– Assam Talks Youtube Channel


অনুষ্ঠানটোত কৃষক মুক্তিয়ে CAB ৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰাটো অৰ্থহীন বুলি কোৱাৰ লগতে যিকোনো পৰিস্থিতি অসমত CAB গৃহিত হ’বই বুলি দাম্ভিক মন্তব্য কৰে বিজেপি নেতা ৰামকৃষ্ণ ঘোষে। যাৰফলত জাঙুৰ খাই উঠে KMSS নেতা ধৈৰ্য্য কোঁৱৰ। আনকি অশ্লীল কথাৰে অসমীয়া প্ৰতিবাদী সত্তাকো চূড়ান্ত উপলুঙা কৰে বিজেপি নেতা ঘোষে। পিছত পৰিস্থিতি এনে ৰূপ পাইগৈ যে, ধৈৰ্য্য কোঁৱৰৰ গাত হাত দিয়ে বিজেপি নেতাগৰাকীয়ে। পিছত দুয়োৰে মাজত মাৰপিট পৰ্যন্ত হয়। পিছত শ্ব’ পৰিচালকৰ তৎপৰাত পৰিস্থিতি নিয়ন্ত্ৰণ কৰা হয়।
আৰু চাওক
পৰৱৰ্তী বাতৰি